গুৱাহাটীৰ মঠঘৰীয়াত চোৰৰ চাফাই অভিযান...

গুৱাহাটীৰ মঠঘৰীয়াত চোৰৰ চাফাই অভিযান। এমহাতে এটা বাসগৃহত দুবাৰকৈ সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-07 at 9.54.23 AM (1)

ডিজিটেল ডেস্কঃ পুনৰ স্মাৰ্ট মহানগৰ আৰক্ষীক চোৰৰ চেলেঞ্জ। গুৱাহাটীৰ মঠঘৰীয়াত চোৰৰ চাফাই অভিযান। এমহাতে এটা বাসগৃহত দুবাৰকৈ সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। শুকুৰবাৰে ফুট গধূলিতে মঠঘৰীয়াৰ শ্ৰী নগৰস্থিত নিবাসী অসীম বৰুৱা নামৰ এজন শিক্ষকৰ বাসগৃহত এই  চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। চোৰে ফুট গধূলিতে বাসগৃহটোৰ দুৱাৰৰ তলা ভাঙি চুৰি কৰি নিলে সোণৰ আঙুঠি, নগদ ধন আৰু বহু মূল্যবান সা সামগ্ৰী।

বাসগৃহটোত থকা চি চি কেমেৰাত আবদ্ধ হৈছিল তিনিটা চোৰৰ দৃশ্য। এই ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। চুৰি ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও  এতিয়ালৈকে কোনো শুংসূত্ৰ  লাভ কৰা নাই। 

জানিব পৰা মতে, শুকুৰবাৰে দিনৰ ১২ বজাত শিক্ষক অসীম বৰুৱা আৰু শিক্ষয়ত্ৰী ৰুবি ডেকাই কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছত ঘৰৰ সকলো বস্তু লণ্ডভণ্ড অৱস্থাত প্ৰতক্ষ্য কৰে। ইপিনে এটা বাসগৃহতে দুবাৰকৈ চুৰি কাণ্ডৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

গুৱাহাটীৰ মঠঘৰীয়া