সাৱধান মহানগৰবাসী! বৰলুইতৰ পানীত ডুবিব পাৰে গুৱাহাটী…

সাৱধান মহানগৰবাসী! বৰলুইতৰ পানীত ডুবিব পাৰে গুৱাহাটী…

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ ৰাজ্যতে বানৰ ভয়াবহ ৰূপ, তাৰ মাজতে অশনি সংকেতৰ দিশে গুৱাহাটী মহানগৰী। যিকোনো মুহূৰ্ততে ব্ৰক্ষপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিব পাৰে মহানগৰীৰ বিভিন্ন এলেকা।

ব্ৰক্ষপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে মহানগৰীৰ সমীপত বিপদসীমাৰ পৰা ৭৯ ছেন্টিমিটাৰৰ পৰা ওপৰেদি বৈ আছে । জলসম্পদ বিভাগৰ তথ্য মতে, মহানগৰীত ব্ৰক্ষপুত্ৰৰ বিপদসীমা ৪৯,৬৮ মিটাৰ যদিও ৫২,৪৬ মিটাৰ অতিক্ৰম কৰাৰ দিশে আগবঢ়াত গুৱাহাটীত নদীখনৰ পানী সোমোৱাৰ সম্ভাৱনা দেখা দিছে।

তাৰ লগে লগে মহানগৰীৰ ফাচীঁ বজাৰ ৰাজপথৰ এটা অংশ ইতিমধ্যে বহি যোৱাত স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি হৈছে। তদুপৰি মালিগাওঁ চক্ৰেশ্বৰ মন্দিৰৰ মূৰ্তিৰ অংশটো ব্ৰক্ষপুত্ৰৰ পানীত বুৰ যোৱাৰ দিশে।

তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে যানবাহনৰ চলাচলত কঠোৰ হৈ পৰাৰ লগতে দুচকীয়া বাহনৰ ক্ষেত্ৰত সাৱধানতা কৰিছে। আনহাতে ব্ৰক্ষপুত্ৰৰ এই বাঢ়নী পানী প্ৰৱেশ কৰি মাছখোৱা, ফাঁচী বজাৰ, ভৰলুমুখ, শান্তিপুৰ তথা মালিগাওঁ আদি ডুব যোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in