বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্য্যসূচীৰ সামৰণী অনুষ্ঠান...

১৪ অক্টোবৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম তিথিঃ সাহিত্যিক গৰাকীক স্মৰণ...

author-image
Asomiya Pratidin
New Update
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্য্যসূচীৰ সামৰণী অনুষ্ঠান...

ডিজিটেল সংবাদ,গুৱাহাটীঃ ১৪ অক্টোবৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম দিন। সেই উপলক্ষে সোমবাৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সোঁৱৰণী ন্যাসৰ উদ্যোগত জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্য্যসূচীৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Advertisment

কলাক্ষেত্ৰত আয়োজিত উক্ত অনুষ্ঠানত সভাপতিত্ব কৰিব বিশিষ্ট শিক্ষাবিদ, ন্যাসৰ সভাপতি ড০ অমৰজ্যোতি চৌধুৰীয়ে। উক্ত অনুষ্ঠানত অতিথি ৰূপে আমন্ত্ৰণ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড০ প্ৰতিভা ৰায়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুক ন্যাসে আমন্ত্ৰণ জনাইছে।

সেই উপলক্ষে সোমবাৰে বিয়লি ৩.৩০বজাত কলাক্ষেত্ৰৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সকলোকে উপস্থিত থাকি সৌষ্ঠৱ বঢ়াৱলৈ ন্যাসে আহ্বান জনাইছে।

birendra kumar bhattacharya