/asomiyapratidin/media/media_files/2026/03/04/11-11-24-new-2-2026-03-04-11-08-13.jpg)
ডিজিটেল ডেস্কঃ জ্যোতিকুছি ধূপলীয়াৰ ১ নং কাৰ্বি পথত অৱস্থিত উদ্দীপ্ত সংঘ ৰ প্ৰাংগণত ২৮ তম বৰ্ষ উপলক্ষে বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনৰ ৰাজহুৱা সভা অনুষ্ঠিত হয়। প্ৰায় শতাধিক লোকৰ উপস্থিতিত এই সভাৰ সভাপতিত্ব কৰে বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনৰ সভাপতি মনুৰাম তুমুঙে। সাধাৰণ সম্পাদক মুনীন্দ্ৰ ডেকাই সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে বিগত বৰ্ষৰ হিচাপ দাখিল কৰে।
সভাত ২৮ তম বৰ্ষৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্ঠপোষক, বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাক মুখ্য উপদেষ্টা,বিজুলী কলিতা মেধিৰ লগতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া,উপ-মেয়ৰ স্মিতা ৰায়ক উপদেষ্টা,মনুৰাম তুমুঙক সভাপতি,অতুল চন্দ্র ফুকনক কাৰ্যকৰি সভাপতি,মুনীন্দ্ৰ ডেকাক সাধাৰণ সম্পাদক,ভাস্কৰ বৰুৱাক সহঃ সাধাৰণ সম্পাদক,মৃগেন কলিতা,সমীৰ বৰুৱা, ধীৰাজ কলিতা সহঃ সম্পাদক,সীমান্ত চেতিয়া ফুকন আৰু বিহুৰাণী কণিকা ইংতিক সাংস্কৃতিক বিভাগৰ সভাপতি, সম্পাদিকা,গিৰিধৰ ৰংহাক 'মধুৰী' স্মৃতিগ্ৰন্থৰ সম্পাদক, কবিতা ভৰালীক 'মধুৰী' স্মৃতিগ্ৰন্থৰ কাৰ্যবাহী সম্পাদিকা আৰু উপেন্দ্ৰ সিং ৰংপিক কোষাধক্ষ্য হিচাপে লৈ ১০১ জনীয়া কমিটি গঠন কৰে।
উল্লেখ্য যে, ২০ আৰু ২১ এপ্ৰিলত অৰ্থাৎ ৬ আৰু ৭ ব'হাগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৮ তম বৰ্ষ ৰঙালী বিহুৰ আয়োজন কৰিছে। ইপিনে ২০ এপ্ৰিলত মৌ কুঁৱৰী, দলীয় লোকনৃত্য,একক লেকনৃত্যৰ লগতে বিযবিন্ন ধৰণৰ খেল-ধেমালীৰ প্ৰতিযোগীতাৰো আয়োজন কৰিছে। আনপিনে ২০ আৰু ২১ এপ্ৰিলত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। ২৮ তম বৰ্ষ উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ 'মধুৰী'ৰ বাবে লেখাসমূহ মাৰ্চ মাহৰ অন্তিম সপ্তাহৰ ভিতৰত দিবলৈ সমীতিয়ে আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us