ৰাজ্যৰ ভিতৰতে বৃহৎ অস্থায়ী কোভিড হাস্পতাল গুৱাহাটীত…

ৰাজ্যৰ ভিতৰতে বৃহৎ অস্থায়ী কোভিড হাস্পতাল গুৱাহাটীত…

ডিজিটেল ডেস্কঃ কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ অসমত নিৰ্মাণ কৰা হৈছে এখন চিকিৎসালয়। অৱশ্যে এইখন চিকিৎসালয় হ'ব অস্থায়ী। এই চিকিৎসালয়ত থাকিব ৪০গৰাকী চিকিৎসক, ১৫০গৰাকী নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীসকল।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোৰোনা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত এই চিকিৎসালয়খন এতিয়া স্বাস্থ্য বিভাগৰ বাবে ভৰসাৰ স্থল হৈ পৰিছে। চিকিৎসালয়খনত একে সময়তে ৯০০ ৰোগীক ভৰ্তি কৰিব পৰা যাব। অৰ্থাৎ একে সময়তে এই অস্থায়ী চিকিৎসালয়খনত ৯০০ ৰোগীক চিকিৎসা আগবঢ়াব পাৰিব।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চিকিৎসালয়খনৰ সন্দৰ্ভত সদৰী কৰিলে বুধবাৰে। পূৰ্বতে গুৱাহাটী মহানগৰীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দেখা পোৱা গৈছিল এক পৃথক পৰিৱেশ। সাধাৰণতে এই খেলপথাৰখন দীৰ্ঘসময় ধৰি হেলিপেড ৰূপে ব্যৱহাৰ কৰি থকা হৈছিল।

এসময়ত কইনাধৰাত আছিল মুখ্যমন্ত্ৰীৰ আবাসগৃহ। মুখ্যমন্ত্ৰী হৈ থকা সময়ত সেই আবাসগৃহত বাস কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সেই সময়ত খানাপাৰাৰ এই খেলপথাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈছিল তেতিয়াৰ মুখ্যমন্ত্ৰী গগৈ।

নিৰ্বাচনৰ সময়ত ব্যস্ততা বাঢ়ে এই খেলপথাৰত। শাসক-বিৰোধী সকলো দলৰ নেতাই খানাপাৰা খেলপথাৰৰ পৰাই হেলিকপ্টাৰযোগে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল। ৫-৬খনকৈ হেলিকপ্টাৰ প্ৰতিদিনাই থাকিছিল সেই খেলপথাৰত।

সেই খেলপথাৰখনতে এতিয়া গঢ়ি তোলা হৈছে এই অস্থায়ী চিকিৎসালয়খন। স্বাস্থ্য মন্ত্ৰীয়ে সদৰী কৰা মতে, খেলপথাৰখনত থকা অস্থায়ী কোভিডৰ এই হাস্পতালখনত নাথাকিব কেৱল আইচিইউৰ ব্যৱস্থা। ইয়াত ভৰ্তি হৈ থকা ৰোগীসকলে গ্ৰহণ কৰিব পাৰিব ঘৰৰ পৰা অনা খাদ্যও। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অস্থায়ী কোভিড হাস্পতালখন মুকলি কৰে। দাবী কৰা মতে, এই কোভিড হাস্পতালখন ৰাজ্যৰ ভিতৰতে বৃহৎ কোভিড হাস্পতাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in