জন্ম শতবৰ্ষত সুধাকণ্ঠৰ গীতৰ বৰ্ণাঢ্য অনুষ্ঠান, বন্দে মাতৰম গীতত দলীয় নৃত্য প্রতিযোগিতা...

দেশৰ সাংস্কৃতিক ঐতিহ্য আৰু সনাতন পৰম্পৰাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে কাম কৰি অহা অনুষ্ঠান প্রজ্ঞাৰ উদ্যোগত অহা ২৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে ভাৰতমাতা পূজন অনুষ্ঠানৰ

author-image
Asomiya Pratidin
New Update
yhhhd

ডিজিটেল সংবাদ, গুৱাহাটীঃ  দেশৰ সাংস্কৃতিক ঐতিহ্য আৰু সনাতন পৰম্পৰাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে কাম কৰি অহা অনুষ্ঠান প্রজ্ঞাৰ উদ্যোগত অহা ২৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে ভাৰতমাতা পূজন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এই কথা ঘোষণা কৰে প্ৰজ্ঞাৰ ভাৰতমাতা পূজনৰ উপ-সভাপতি তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, সভাপতি মন্মথ বৰুৱা, সম্পাদক মানস হাজৰিকা আৰু উপদেষ্টা ভগৱত প্রীতমে। কাৰ্যসূচী অনুসৰি ২৭ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত বন্দে মাতৰম গীতত দলীয় নৃত্য প্রতিযোগিতা অনুষ্ঠিত হ'ব, বিয়লি ৪.৩০ বজাত ভাৰতমাতাৰ প্ৰতিমাৰ সন্মুখত বন্তি প্রজ্বলনেৰে প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰা হ'ব।

বিয়লি ৫ বজাত জন্ম শতবার্ষিকী উপলক্ষে সুধাকণ্ঠৰ গীতত সমূহীয়া গীত-নৃত্য পৰিৱেশন কৰা হ'ব। ইয়াৰ পিছতে এহেজাৰ লোকে অখণ্ড ভাৰতৰ মানচিত্ৰৰ সন্মুখত বন্তি প্রজ্বলন কৰিব। ২৮ ছেপ্টেম্বৰত বিয়লি ৫ বজাত গুৰুপূজন, নিশা ৮ বজাত মানুহে মানুহৰ বাবে শীর্ষক সাংস্কৃতিক অনুষ্ঠান, ২৯ ছেপ্টেম্বৰত দিনৰ ১১ বজাত কন্যা পূজন কার্যসূচী, বিয়লি ৫ বজাত আদর্শ মাতৃসকললৈ সন্মান প্ৰদৰ্শন, নিশা ৮ বজাৰ পৰা আই তোক কিহেৰে পূজিম শীর্ষক সাংস্কৃতিক অনুষ্ঠান আৰু মুখা শিল্পৰ নাট্যাভিনয় প্ৰদৰ্শন কৰা হ'ব।

৩০ ছেপ্টেম্বৰৰ নিশা ৭ বজাত অ' মোৰ ধৰিত্ৰী আই শীর্ষক সাংস্কৃতিক অনুষ্ঠান, ১ অক্টোবৰৰ নিশা ৭ বজাৰ পৰা অসম আমাৰ ৰূপহী শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হ'ব। ভাৰতমাতা পূজনৰ সাংস্কৃতিক অনুষ্ঠানত প্রতিদিনে ২৫ টাকৈ ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা হ'ব।

এই অনুষ্ঠানত ভাৰতৰ গৌৰৱময় ঐতিহ্য আৰু প্ৰাচীন পৰম্পৰাৰ কিছু নিদৰ্শনৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ'ব। প্রতিদিনে সন্ধিয়া শিশুসকলৰ মনোৰঞ্জনৰ বাবে বিশেষ কাৰ্যসূচীৰ লগতে পুতনা নাচো প্ৰদৰ্শন কৰা হ'ব। এই কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণ তথা সহযোগিতা কামনা কৰিছে

গুৱাহাটী