/asomiyapratidin/media/media_files/2024/12/26/as9W9CMTL3Gv6QKFI7Vc.jpg)
ডিজিটেল ডেস্কঃ অসমীয়া কাব্য সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় কবি সৌৰভ শইকীয়াৰ জনপ্ৰিয়তাই বাংলা সাহিত্য জগতখনকো স্পৰ্শ কৰিছেগৈ। অসমীয়া কাব্য সাহিত্যত ইতিমধ্যে এখন নিজা আসন তৈয়াৰ কৰিবলৈ সক্ষম হোৱা সৌৰভ শইকীয়াৰ কবিতাই গুৰুত্ব লাভ কৰিছে চহকী বাংলা সাহিত্য জগততো।
অসমত গ্ৰন্থৰ বতৰ আৰম্ভ হোৱাৰ সময়তে অতি শেহতীয়াকৈ সৌৰভ শইকীয়াৰ কবিতাই কঢ়িয়াই আনিছে অসমীয়া কাব্য জগতৰ বাবে এক আশাৰ খবৰ। কবি শইকীয়াৰ কবিতা অনুবাদ হৈছে বাংলা ভাষালৈ।
শইকীয়াৰ মুঠ ৪০ টা কবিতাক বাংলালৈ অনুবাদ কৰি এক কাব্যসংকলন উন্মোচনৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। বাসুদেৱ দাসে অনুবাদ কৰা এই ৪০ টা কবিতাৰ বাংলা অনুদিত কাব্য সংকলনখনৰ নাম ‘’একটি নিঃসঙ্গ হাস্পাতাল’’।
কাব্য সংকলনখনৰ প্ৰকাশক কলকাতাৰ অভিজাত প্ৰকাশক গোষ্ঠী ‘’সপ্তৰ্ষি’’। প্ৰখ্যাত কবি সুবধ চৰকাৰে পাতনি লিখা ৬৫ পৃষ্ঠাৰ এই কাব্য সংকলনখন অহা ২৭ ডিচেম্বৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব। কলকাতাৰ ৰবীন্দ্ৰ সদনৰ কাষত থকা সৰলা মেমৰীয়েল হলত অনুষ্ঠিত হ’বলগীয়া এইউন্মোচনী সভাত কবি সৌৰভ শইকীয়াও উপস্থিত থাকিব।