অসম প্রকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত 'মহাবিদ্যালয় গ্রন্থমেলা'ৰ আয়োজন

অসম প্রকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত 'মহাবিদ্যালয় গ্রন্থমেলা'ৰ আয়োজন

author-image
Asomiya Pratidin
New Update
অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্পঃ অনুবাদৰ অভিজ্ঞতা আছে যদি শীঘ্ৰে কৰক যোগাযোগ...

অসম প্রকাশন পৰিষদ

ডিজিটেল সংবাদ, গুৱাহাটী : ভাষা-সাহিত্যলৈ বিশিষ্ট বৰঙণি আগ বঢ়াই অহা ৰাজ্যখনৰ ঐতিহ্যমণ্ডিত চৰকাৰী প্রতিষ্ঠান অসম প্রকাশন পৰিষদে সম্প্রতি অন্য এক আশাপ্রদ পৰিকল্পনা গ্রহণ কৰিছে। অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে- প্রকাশন পৰিষদে উচ্চ শিক্ষা গ্রহণ কৰি থকা ছাত্র-ছাত্রীসকলৰ ওচৰলৈ গ্রন্থ-আন্দোলনৰ বার্তা লৈ যোৱাৰ বাবে অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত পর্যায়ক্রমে গ্রন্থমেলাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

Advertisment

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপদেশ মর্মে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত ছাত্র-ছাত্রীসকলক গ্রন্থৰ জৰিয়তে এক যোগাত্মক তথা বৌদ্ধিক পৰিৱেশৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত অসম প্রকাশন পৰিষদৰ এয়া অন্য এক প্রয়াস। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ মাজত বৌদ্ধিক বিকাশৰ প্রতি লক্ষ্য ৰাখি অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আয়োজন কৰিবলৈ লোৱা এলানি গ্রন্থমেলাৰ ভিতৰত প্ৰথমখন গ্রন্থমেলা বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসৰ আমন্ত্রণ মর্মে উক্ত মহাবিদ্যালয়ত আয়োজন কৰিবলৈ পৰিকল্পনা কৰা হৈছে।

অহা ২৭, ২৮ আৰু ২৯ আগষ্ট-২০২৪ বৰপেটা চহৰৰ বৰপেটা মহাবিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই 'মহাবিদ্যালয় গ্রন্থমেলা' সকলো গ্রন্থপ্রেমীৰ বাবে মুকলি থাকিব। উল্লেখ্য, অসম প্রকাশন পৰিষদৰ উদ্যোগত চলিত বছৰত অসমৰ ভিন্ন স্থানত অনুষ্ঠিত হ'বলগীয়া মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় গ্রন্থমেলাৰ আনুষ্ঠানিক শুভ যাত্রা আৰম্ভ হ'ব বৰপেটা মহাবিদ্যালয়ৰ পৰা।

ইয়াৰ উপলক্ষে প্রথম দিনা, অর্থাৎ ২৭ আগষ্টত বৰপেটা মহাবিদ্যালয় চৌহদৰ বাকৰিত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান আৰু 'সাহিত্য আলচ' অনুষ্ঠানৰ জৰিয়তে এই গ্রন্থমেলাৰ আনুষ্ঠানিক শুভাৰম্ভণি ঘটিব। মহাবিদ্যালয় গ্রন্থমেলাৰ সকলো অনুষ্ঠানত সহৃদয় ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগ প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কামনা কৰিছে।

Also Read: প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ ৰ বাবে গ্রন্থ আহ্বান...

Barpeta College Publication Board Assam