ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ৰোল বল চেম্পিয়নশ্বিপত বিজয়ী অসম

অসম ছোৱালীৰ দলে তামিলনাডুক ৯-৩ গ’লত পৰাস্ত কৰে...

author-image
Asomiya Pratidin
New Update
ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ৰোল বল চেম্পিয়নশ্বিপত বিজয়ী অসম

ডিজিটেল সংবাদ,গুৱাহাটীঃ দেৰাডুনত অনুষ্ঠিত ১৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপত অসম ছোৱালীৰ দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰে।২৮ এপ্ৰিল দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত অসমৰ ছোৱালী দলে তামিলনাডুক ৯-৩ গ’লত পৰাস্ত কৰে।অসমৰ হৈ অধিনায়ক নম্ৰতা কৈৰীয়ে ৪ টা,শ্ৰীনিকা (কুকি) মজুমদাৰ আৰু মিছকা সিংহলে ২ টা আৰু কৃষ্টি চহৰীয়াই ১ টা গ'ল স্ক'ৰ কৰে।

ছেমি ফাইনেলত অসমৰ ছোৱালীয়ে ছত্তীশগড়ক ৭-৩ গ’লত,কোৱাৰ্টাৰ ফাইনেলত পুনেৰ আৰ এছ এছ এ অৰ্থাৎ ৰোলাৰ স্পৰ্টছ এণ্ড ছচিয়েল একাডেমীক ৫-০ গ’লত পৰাস্ত কৰে।ইফালে,লীগ মেচৰ ছোৱালী শাখাত অসমে জম্মু-কাশ্মীৰক ৩-১,পঞ্জাৱক ১১-১,দমন আৰু ডিউক ১০-০,তামিলনাডুক ৫-০ আৰু উত্তৰ প্ৰদেশক ৬-২ গ’লত পৰাস্ত কৰিছিল।

ল’ৰাৰ শাখাত অসমে ছেমি ফাইনেলত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৩-১১ গ’লত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকেৰে সন্তুষ্ট থাকে।কোৱাৰ্টাৰ ফাইনেলত অসমৰ ল’ৰাৰ দলে তামিলনাডুক ৪-৩ গ’লত পৰাস্ত কৰে।অসমৰ লগতে লাডাখ,পুডুচেৰী আদিকে ধৰি অসংখ্য ৰাজ্যিক দলৰ অংশগ্ৰহণেৰে ২৫ এপ্ৰিলৰ পৰা এই মনোমোহা অনুষ্ঠানৰ ১৬ সংখ্যক সংস্কৰণ আৰম্ভ হয়। এইবাৰ ল’ৰাৰ শাখাত মুঠ ২৮ টা আৰু ছোৱালীৰ ২৪ টা দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰে।

এই বাতৰি নিশ্চিত কৰি অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে ভৱিষ্যতে অসমৰ দল সমূহৰ পৰা উজ্জীৱিত প্ৰদৰ্শন আশা কৰিছে বুলি জনায়।ল’ৰাৰ শাখাত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছতো দুয়োটা দলে লক্ষ্যণীয় দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি চেম্পিয়নশ্বিপত তেওঁলোকৰ দমনীয় প্ৰদৰ্শনেৰে বহুতকে অনুপ্ৰাণিত কৰিছে।

Also Read: মেঘালয়ত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...

Sub-Junior National Roll Ball National Roll Ball assam girl team National Roll Ball assam National Roll Ball National Roll Ball Championship