Advertisment

অসমৰ আগৰ কাঠৰ জৰিয়তে বিশ্ব বজাৰ দখলৰ চেষ্টাঃ মন্ত্ৰী বিমল বৰাই ব্যাখ্যা কৰিলে ইয়াৰ সম্ভাৱনীয়তা

এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ দ্বিতীয় দিনটোত অনুষ্ঠিত হয়  "Agarwood Processing and Value Addition: Assam’s Next Big Opportunity” শীৰ্ষক আলোচনা চক্ৰ।

author-image
Asomiya Pratidin
New Update
অসমৰ আগৰ কাঠৰ জৰিয়তে বিশ্ব বজাৰ দখলৰ চেষ্টাঃ মন্ত্ৰী বিমল বৰাই ব্যাখ্যা কৰিলে ইয়াৰ সম্ভাৱনীয়তা

ডিজিটেল ডেস্কঃ খানাপাৰা পশু চিকিৎসালয় খেল পথাৰত অনুষ্ঠিত হৈ থকা এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ দ্বিতীয় দিনটোত অনুষ্ঠিত হোৱা  "Agarwood Processing and Value Addition: Assam’s Next Big Opportunity” শীৰ্ষক আলোচনা চক্ৰত ভাষণ প্ৰদান কৰি উদ্যোগ, বাণিজ্য মন্ত্ৰী বিমল বৰাই কয় যে, আগৰ কাঠ উদ্যোগৰ স্নায়ুকেন্দ্ৰ অসমে আগৰ কাঠ সংশোধন আৰু মূল্য সংযোজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Advertisment

মন্ত্ৰী বৰাই অসমত ১০ কোটিৰো অধিক আগৰ গছ আছে বুলি উল্লেখ কৰি কয় যে অসমে উন্নত আগৰ কাঠ উৎপাদন কৰে। এই আগৰ কাঠ সুগন্ধি, ধূপ কাঠি, আৰু পৰম্পৰাগত ঔষধৰ বাবে অতিশয় মূল্যৱান। তেওঁ জোৰ দি কয় যে অসম চৰকাৰে নতুন নীতি ৰূপায়ণ কৰি আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰি আগৰ কাঠ উদ্যোগৰ দ্রুত বিকাশৰ দিশত আগবাঢ়ি আহিছে৷ আগৰ কাঠৰ ব্যৱসায়ত অসম বিশ্বৰ আগশাৰীৰ অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

এই আলোচনা চক্ৰৰ পেনেলিষ্ট হিচাপে ভাষণ দি এম জি আই গ্ৰুপৰ অধ্যক্ষ ড০ জেহিৰুল ইছলামে আগৰ কাঠৰ খেতি আৰু ব্যৱসায়ক আইনী স্বীকৃতি প্ৰদানৰ অসম চৰকাৰৰ ঐতিহাসিক সিদ্ধান্তক প্ৰশংসা কৰে। তেওঁ লগতে উল্লেখ কৰে যে  গোলাঘাট জিলাৰ ডাবিডুবিত ৰাজ্য চৰকাৰে স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰই সুযোগৰ নতুন বাট মুকলি কৰিব।

এন আই পি আৰৰ সঞ্চালক ড০ ইউ এছ এন মূৰ্তিয়ে আগৰ কাঠ ভিত্তিক সামগ্ৰীৰ বাবে মূল্য সংযোজন, প্ৰমাণীকৰণ, আৰু গুণগত মান বৃদ্ধিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইফালে, ইনভেষ্ট ইণ্ডিয়াৰ উত্তৰ-পূব ভাৰতৰ মুৰব্বী ড০ গীতিমা দাস কৃষ্ণই চৰকাৰী বিভাগসমূহৰ মাজত উন্নত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে আগৰ কাঠৰ ব্যৱসায় সুশৃংখলিত আৰু ত্বৰান্বিত হয়।

সুগন্ধি আৰু সোৱাদ উন্নয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰধান শক্তি বিনয় শুক্লাই উচ্চমানৰ আগৰ কাঠৰ তেল নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। চি এছ আই আৰ-নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজি, যোৰহাটৰ সঞ্চালক ড০ বীৰেন্দ্ৰ তিৱাৰীয়ে উল্লেখ কৰে যে চৰকাৰী সহযোগত অসমেও চি এছ আই আৰৰ পদক্ষেপৰ অধীনত কাশ্মীৰৰ লেভেণ্ডাৰ উত্থানৰ দৰে আগৰ কাঠ বিপ্লৱৰ সাক্ষী হ’ব পাৰে।

সকলো পেনেলিষ্টে অসমৰ অৰ্থনৈতিক বিকাশৰ বাবে আগৰ কাঠ খেতি, প্ৰক্ৰিয়াকৰণ, আৰু মূল্য সংযোজনৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগৰ কাঠ সম্পৰ্কীয় আওপুৰণি আইনত কেইবাটাও গুৰুত্বপূৰ্ণ সংশোধনী কৰা হৈছে।

আগৰ কাঠৰ ওপৰত থকা নিষেধাজ্ঞা এতিয়া লাঘৱ কৰা হৈছে, যাৰ ফলত কৃষকে মুক্তভাৱে ইয়াৰ খেতি কৰিব পাৰিব। ইয়াৰ উপৰিও অসম কৃষি বন উন্নয়ন ব’ৰ্ডক ধাৰা ৮ কোম্পানী হিচাপে গঢ়ি তোলা হৈছে। যাৰ ফলত ই ভাৰতৰ ভিতৰতে প্ৰথমটো, আগৰ কাঠ ভিত্তিক উদ্যোগসমূহৰ প্ৰচাৰৰ বাবে উৎসৰ্গিত হৈছে।

আলোচনা চক্ৰত সমগ্ৰ অসমৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা অহা আগৰ কাঠ ব্যৱসায়ী, কৃষক, চাহ খেতিয়ক, চৰকাৰী বিষয়াকে ধৰি বিভিন্ন অংশীদাৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সামৰণিত মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত আগৰ কাঠ খণ্ডত বিনিয়োগ সম্পৰ্কীয় কেইবাটাও বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

 

মন্ত্ৰী বিমল বৰা এডভাণ্টেজ আছাম ২.০