/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/defaf375-e6f6-49b0-96dc-fdf91f6ad264/asomiyapratidin_2022_09_e6448872_67df_4ca8_9f0e_0e2fe59f4ffc_assam_book_fair_16.avif)
আজিৰ পৰা ১২ দিনীয়া অসম গ্রন্থমেলাঃ বিয়লি ৪ বজাত আনুষ্ঠানিক উদ্বোধন...
ডিজিটেল ডেস্কঃ আজিৰে পৰা ১২ দিনীয়া বর্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ'ব অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্রন্থমেলা। ইতিমধ্যে অসম গ্রন্থমেলা, গুৱাহাটীৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে।
এক সংবাদ মেলৰ জৰিয়তে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এই বিষয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি হাফলং, তিনিচুকীয়া, শিৱসাগৰ, নলবাৰী আৰু শিলচৰত অসম গ্রন্থমেলাৰ সফল সামৰণিৰ পাছত গুৱাহাটীত এই গ্রন্থমেলা আয়োজন কৰা হৈছে। ইয়াত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ শতাধিক প্রকাশন গোষ্ঠীয়ে যোগদান কৰিব।
সচিব কলিতাই অসম গ্রন্থমেলা, গুৱাহাটীলৈ সকলোপক্ষৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰি কয়-"শুকুৰবাৰে বিয়লি ৪ বজাত অসম গ্রন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হ'ব।শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে এই গ্ৰন্থ মেলা উদ্বোধন কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰিব। তেওঁৰ পৰিৱৰ্তে ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব বিশিষ্ট লেখক, উচ্চতম ন্যায়ালয়ৰ সন্মানীয় অধিবক্তা জে. সাই দীপকে। সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত, সাহিত্য একাডেমীৰ সচিব ড° কে শ্রীনিবাস ৰাও আৰু বিশিষ্ট লেখক, জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই।"
১২ দিনীয়া অসম গ্রন্থমেলাত প্রতিদিনেই ভাষা-সাহিত্য-সংস্কৃতি, ইতিহাস আৰু সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক আৰু গুৰুত্বপূর্ণ বিষয়ক আধাৰ কৰি গ্রন্থমেলাত আলোচনা সত্র অনুষ্ঠিত হ'ব।
Also Read: আজি দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলফাৰ শান্তি চুক্তি...