অসম বিধানসভাৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস, ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ বিধায়কৰ বঁটা হাফিজ বচিৰ আহমেদ কাছিমীলৈ

অসম বিধানসভাৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস, ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ বিধায়কৰ বঁটা হাফিজ বচিৰ আহমেদ কাছিমীলৈ

author-image
asomiyapratidin
New Update
অসম বিধানসভাৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস, ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ বিধায়কৰ বঁটা হাফিজ বচিৰ আহমেদ কাছিমীলৈ

ডিজিটেল ডেস্কঃ দেওবাৰে সচিবালয়ৰ প্ৰেক্ষাগৃহত অসম বিধানসভাৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশ লয় বিহাৰৰ প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, শাসক-বিৰোধীৰ বিধায়ক আৰু বিধানসভাৰ কৰ্মচাৰীসকলে। কণ্ঠশিল্পী তৰালী শৰ্মাৰ গীতেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হোৱা  প্ৰতিষ্ঠা দিৱসৰ স্মৰণিকা মুকলি কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই।

Advertisment

সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষণৰ প্ৰসংগত কয়- 'পূৰ্বতে গতানুগতিকভাৱে চলি আছিল বিধানসভা, অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে নতুনত্ব অনাৰ চেষ্টা কৰিছে, পূৰ্বতকৈ চিঞৰ-বাখৰ কৰা পৰিৱেশ কমি আহিছে বিধানসভাত। সভাত উপস্থিত থকা থানেশ্বৰ বড়োয়ে কয় 'বিধায়কে সমষ্টিকেন্দ্ৰিক হৈ সদনত মন্তব্য কৰাটো উচিত নহয়, মৌলিক সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্রত আলোচনা নহয়, ৰাজ্যত স্বায়ত্ত শাসিত পৰিষদৰ সংখ্যা বৃদ্ধি হৈছে আৰু বৃদ্ধি হোৱাৰ উপক্ৰম হৈছে।' ইফালে প্ৰতিষ্ঠা দিৱসৰ স্মৰণিকা মুকলি কৰা প্ৰফুল্ল কুমাৰ মহন্তই ভাষণৰ প্ৰসংগত কয়-  প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কে অসমৰ সমস্যসমূহৰ ওপৰত চিন্তা-চৰ্চা কৰিব লাগে, পৰিষদসমূহত এতিয়া আঞ্চলিকতাবাদ বুলি একো নাই, গোষ্ঠীগতবাদহে চলিছে, শিক্ষকসকলৰ সমস্যা সমাধান হ'ব লাগে, কেৱল এখন স্মাৰক পত্ৰ দিলে সমস্যা সমাধান নহয়।

এই  অনুষ্ঠানতে  অসম বিধানসভাৰ ২০১৮-১৯ বৰ্ষৰ বঁটা প্ৰদান কৰা হয়।এই বৰ্ষৰ শ্ৰেষ্ঠ বিধায়কৰ বঁটা প্ৰদান কৰা হ'য় হাফিজ বচিৰ আহমেদ কাছিমীলৈ। শ্ৰেষ্ঠ বিধায়কৰ বঁটাত আছে ১ লাখ টকা আৰু মানপত্ৰ । বঁটা গ্ৰহণ কৰি আহমেদে পুলৱামাৰ শ্বহীদৰ নামত এই ধনৰাশি উছৰ্গা কৰাৰ কথা ঘোষণা কৰে। উক্ত অনুষ্ঠানতে ভৱেন ঘিমিৰক শ্ৰেষ্ঠ সংবাদিক বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ সাংবাদিক বঁটাত আছে ৫০ হাজাৰ টকা। বিধানসভাৰ শ্ৰেষ্ঠ কৰ্মচাৰী বটা মাধৱ ছেত্ৰীক প্ৰদান কৰা হয়। শ্ৰেষ্ঠ কৰ্মচাৰী বঁটাত আছে ১ লাখ টকা আৰু প্ৰশস্তি পত্ৰ।