ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যত বিস্তৰ ক্ষতিসাধন কৰা আমফানৰ প্ৰভাৱ পৰিছে অসমতো। ৰাজ্যত বৃহস্পতিবাৰে নিশাৰে পৰা প্ৰচণ্ড বৰষুণ আৰু বতাহ অব্যাহত আছে। বঙাইগাঁৱ, গোৱালপাৰাকে ধৰি কেইবাখনো জিলাত নিশাৰে পৰা প্ৰচণ্ড ধুমুহা–বৰষুণ। পশ্চিম অসমত আমফানৰ প্ৰভাৱ পৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছিল বতৰ বিজ্ঞান বিভাগে। ইফালে গোৱালপাৰাৰ গোৱালপাৰাৰ দুধনৈতো পুৱাৰে পৰা বতাহ-বৰষুণ।
ছুপাৰ ছাইক্ল'ন আমফানক লৈ বঙাইগাঁও প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে৷ বৃহস্পতিবাৰে নাগৰিকক ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে প্ৰশাসনে। সেইদৰে বাহিৰত যান-বাহন চলোৱা, ঘৰৰ বাহিৰত শিশু বা বয়োজ্যেষ্ঠ লোক, ঘৰচীয়া জীৱ-জন্তুৰ বিচৰণৰ ক্ষেত্ৰতো সাৱধান কৰি দিছে প্ৰশাসনে। কোনো লোককে বিদ্যুৎ পৰিবাহী খুটা, টেলিফোনৰ খুটা বা ভাগি পৰাৰ সম্ভাৱনা থকা নিৰ্মীয়মাণ কাৰ্যৰ তলত থাকিবলৈ মানা কৰা হৈছে৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীতো বুধবাৰে নিশাৰে পৰা বতাহ আৰু বৃষ্টিপাত অব্যাহত আছে। বতাহ বৰ বেছি জোৰকৈ বলা নাই যদিও নেৰানেপেৰা বৰষুণত জনজীৱনত যথেষ্ট প্ৰভাৱ পৰিছে। উল্লেখ্য যে, বুধবাৰেই মহানগৰ প্ৰশাসনে সকলো লোকক সাৱধান হৈ থাকিবলৈ কোৱাৰ লগতে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত সকলো লোকক সৰ্তক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।