ডিজিটেল ডেস্কঃ ''প্ৰযুক্তি বিশ্ববিদ্যালয় প্ৰয়োজনত কোনো আন্দোলন হোৱা নাছিল। কোনো দল-সংগঠনে স্মাৰক পত্ৰ দিয়া নাছিল। কিন্তু, প্ৰধানমন্ত্ৰীয়ে সেই কথা চিন্তা কৰিলে। এতিয়া তথ্য-প্ৰযুক্তি আমাৰ হাতৰ মুঠিত। এতিয়া আমি আকাশ চুবৰ মন কৰিব লাগিব।”- আজি তিনিখনকৈ নতুন ৰে'ল উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
২০২৫ বছৰটোৰ আৰম্ভণিতে অসমে লাভ কৰিলে ৩ খনকৈ নতুন ৰে'ল। আজি কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আনুষ্ঠানিকভাৱে এই নতুন ৰে'ল কেইখন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে।
এই নতুন ৰে'ল তিনিখন হৈছে গুৱাহাটী-নিউ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও- গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া- নাহৰলগুন এক্সপ্ৰেছ।
আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত ৰে'লৱেৰ উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিছে।
তেওঁ অসমত আই টি আৰু ইলেক্ট্ৰনিক বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিছে। উল্লেখ্য, সমগ্ৰ দেশৰ মুঠ ১১ টা স্থানত নিৰ্মাণ হবলগীয়া National Institute of Electronics & Information Technology। ইয়াৰে এটা কেম্পাছ নিৰ্মাণ হ'ব জাগীৰোডত। জাগীৰোডৰ এই কেম্পাছ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰা হ'ব। এই বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণ কৰাৰ শিক্ষা প্ৰদান কৰা হ'ব।
असम सरकार ने मात्र एक दिन में NIELIT विश्वविद्यालय के लिए भूमि स्वीकृति की फाइल को मंज़ूरी दी। pic.twitter.com/xXGaHPoyG2
— Himanta Biswa Sarma (@himantabiswa) January 3, 2025
অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২০২৫ ৰ আৰম্ভণিতে ৰে'ল মন্ত্ৰীগৰাকীয়ে অসমক দিয়া এই উপহাৰৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। অহা ফ্ৰেব্ৰুৱাৰী মাহত অসমত অনুষ্ঠিত হ'বলগীয়া এডভাণ্টেজ আছামলৈ তেওঁক পুনৰ এবাৰ নিমন্ত্ৰণ জনাইছে।
তেওঁ কয়, ২০৪৭ ত আমাৰ দেশ বিকশিত অসম নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ আধাৰ প্ৰযুক্তিবিদ্যা হ’ব। তাৰ বাবে ছেমি কণ্ডাক্টৰ প্ৰকল্প আহিছে। আমাক স্কিলড মেন পাৱাৰ প্ৰয়োজন। ভাৰত এতিয়া ছেমি কণ্ডাক্টৰ পাৱাৰ হাউচ হ’বলৈ গৈ আছে।
From Assam to America 🇮🇳🇺🇸
— Himanta Biswa Sarma (@himantabiswa) January 3, 2025
Semiconductor Chips made in Jagiroad will drive cars in the United States of America. pic.twitter.com/7JQqixtMuC
তেওঁ আৰু কয়, ডাবল ট্ৰেকৰ কাম অসমৰ লামডিংত আৰম্ভ হৈছে। জাগীৰোডত NIELIT বিশ্ববিদ্যালয়ে নতুন আলোকৰ পোহৰ কৰি তুলিব।য’ত ইলেকট্ৰনিছ, এ আই, তথ্য-প্ৰযুক্তিৰ শিক্ষা দিয়া হ’ব। প্ৰযুক্তি বিশ্ববিদ্যালয় প্ৰয়োজনত কোনো আন্দোলন হোৱা নাছিল। কোনো দল-সংগঠনে স্মাৰক পত্ৰ দিয়া নাছিল। কিন্তু, প্ৰধানমন্ত্ৰীয়ে সেই কথা চিন্তা কৰিলে। এতিয়া তথ্য-প্ৰযুক্তি আমাৰ হাতৰ মুঠিত। এতিয়া আমি আকাশ চুবৰ মন কৰিব লাগিব।”