/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-2026-02-10-14-27-47.jpeg)
ডিজিটেল ডেস্কঃ পৌৰাণিক কালৰে পৰা ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত যোগ সাধনাই এক বিশেষ স্থান লাভ কৰি আহিছে। এই যোগ সাধনাই মানুহৰ মন, মগজুক শান্ত কৰি ৰখাৰ লগতে সুস্থ শৰীৰ গঢ় দি আহিছে। যোগ আৰু শাৰীৰিক ব্যায়ামে মানুহক এটা সুস্থ শৰীৰ গৰাকী কৰি তোলে। সুস্থ আৰু নিৰোগী হৈ থাকিবলৈ সকলোৱে বিচাৰে। কিন্তু বৰ্তমান সময়ত কৰ্মব্যস্ততাৰ বাবে শৰীৰটোৰ প্ৰতি অৱহেলা কৰা দেখা যায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-2026-02-10-14-25-12.jpeg)
এতিয়া চিন্তাৰ কাৰণ নাই শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে অভিজ্ঞ যোগ প্ৰশিক্ষক অনিল হাজৰিকাৰ তত্ত্বাৱধানত গুৱাহাটীত আৰম্ভ হৈছে বিশেষ যোগাসনৰ কেন্দ্ৰ।বেংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা অনিল হাজৰিকাই যোগ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা তেওঁ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰিছে।
এই কেন্দ্ৰত প্ৰধানকৈ দুটা ভাগত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব-
১. পাৱাৰ যোগ : বিশেষকৈ ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে ই অতি ফলদায়ক।
২. থেৰাপিউটিক যোগ : বিভিন্ন জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ বিশেষ আসনৰ প্ৰশিক্ষণ দিয়া হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-2026-02-10-14-25-49.jpeg)
এই যোগ কেন্দ্ৰত মহিলাৰসকলৰ PCOD ৰ সমস্যা, মানসিক চাপ,দুশ্চিন্তাৰ লগতে থাইৰয়ড, এজমা , উচ্চ ৰক্তচাপ, পিঠিৰ বিষ, আৰ্থ্ৰাইটিছ, চাৰ্ভিকেল স্পণ্ডিলাইটিছ আদি।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsa-2026-02-10-14-26-14.jpeg)
উল্লেখ্য যে , এই অভিজ্ঞ যোগ প্ৰশিক্ষক অনিল হাজৰিকাৰ তত্ত্বাৱধানত আৰম্ভ হৈছে বিশেষ যোগাসনৰ পাঠ্যক্ৰম পুৱা প্ৰথম পৰ্যায়ত ৬:৩০বজাৰ পৰা ৭:৩০ লৈ দ্বিতীয় পৰ্যায়ত ৭:৩০ বজাৰ পৰা ৮:৩০ বজাত প্ৰশিক্ষণ প্ৰদান কৰিব । লগতে গধূলি প্ৰথম পৰ্যায়ত ৫:০০ বজাৰ পৰা ৬:০০ বজালৈ। দ্বিতীয় পৰ্যায়ত ৬:০০ বজাৰ পৰা ৭:০০ বজালৈ প্ৰশিক্ষণ প্ৰদান কৰিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us