Published on:
Updated on:
- মহানগৰীৰ হাতীগড় চাৰিআলিৰ অম্বিকাগিৰি নগৰত এজন সন্দেহজনক যুৱকক আটক।
- অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ চৌহদৰ পৰা আটক কৰা হৈছে যুকজনক।
- সন্দেহজনক যুৱকজনে যথেষ্ট সময় ধৰি অঞ্চলটোত ঘূৰা ফুৰা কৰি আছিল।
- যুৱকজনৰ চালচলনত সন্দেহ হৈছিল স্থানীয় ৰাইজৰ।
- এই অঞ্চলটোত সংঘটিত হৈ আহিছে চুৰ-ডকাইতিৰ ঘটনা।
- সেয়েহে সন্দেহজনক যুৱকক প্ৰত্যক্ষ কৰি সেউজ সংঘৰ সচেতন সদস্যই খবৰ দিয়ে আৰক্ষীক।
- গীতানগৰ আৰক্ষীয়ে আহি কৰায়ত্ত কৰে যুৱকজনক।
- যুৱকজনে সদৰি কৰা মতে, তেওঁৰ ঘৰ ত্ৰিপুৰাত।
- আৰক্ষীয়ে আটক কৰি নিয়া যুৱকজনৰ সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য-
- এনে সন্দেহজনক চাল-ফুৰনে শংকিত কৰে অঞ্চলবাসীক।
- যুৱকজনৰ নাম বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in