‘আৰ এছ এছে ল’ৰা-ছোৱালীৰ হাতত তুলি দিছে এ কে-৪৭’!

‘আৰ এছ এছে ল’ৰা-ছোৱালীৰ হাতত তুলি দিছে এ কে-৪৭’!

author-image
asomiyapratidin
New Update
‘আৰ এছ এছে ল’ৰা-ছোৱালীৰ হাতত তুলি দিছে এ কে-৪৭’!

ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'শিলাদিত্য আৰু আৰ এছ এছৰ সংগঠন ৰাম সেনা'- শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত ৬০টা সংগঠনৰ নেতৃত্বৰ সংবাদমেলত এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে। ইয়াৰ লগতে শিলাদিত্য আৰু আৰ এছ এছৰ শীৰ্ষ নেতাক কিয় চৰকাৰে গ্ৰেপ্তাৰ নকৰে বুলিও প্ৰশ্ন কৰে তেওঁ।

Advertisment

বিজেপি আৰু আৰ এছ এছক সমালোচনা কৰিবলৈ গৈ কৃষক নেতাজনে আৰ এছ এছে ল'ৰা-ছোৱালীৰ হাতত এ কে- ৪৭ তুলি দিছে বুলিও মন্তব্য কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। শনিবাৰৰ সংবাদমেলখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চিৰদিন যুঁজি যোৱাৰ কথা কয় কৃষক নেতা জনে। তেওঁ নিজৰ কথাত অটল থাকি কয় যে চৰকাৰে তেওঁক ফাঁচী দিলেও অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজি যাব।

শনিবাৰৰ সংবাদমেলখনত কেন্দ্ৰীয় চৰকাৰলৈ সকীয়নি প্ৰদান কৰে ৬০টা সংগঠনৰ নেতৃত্বই। যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনাই সংগঠন কেইটাৰ বিষয়ববীয়াই।

ইফালে ৰাম সেনা নামৰ সংগঠনটোৱে অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ ঘটনাক লজ্জাজনক আখ্যা দিয়ে সংবাদমেল সম্বোধন কৰা সংগঠন কেইটাৰ নেতৃবৃন্দই।

উল্লেখ্য যে সংগঠনটোৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে কৃষক নেতাজনৰ ঘৰত অভিযান চলাইছিল দিছপুৰ আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই অখিল গগৈক থানাত হাজিৰ হবলৈও নিৰ্দেশ দিয়ে।