/asomiyapratidin/media/media_files/2025/02/25/03AWaby5CMSlReX1evWi.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এডভাণ্টেজ আছাম ২.০ উদ্বোধন কৰাৰ পাছতে দেশৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান আৰু উদ্যোগীয়ে অসম চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। তাৰোপৰি দেশৰ দুগৰাকী প্ৰখ্যাত উদ্যোগপতি গৌতম আদানী, মুকেশ আম্বানীয়ে ৫০ হাজাৰ কোটিকৈ টকা আগন্তুতক পাঁচ বছৰত বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।
We are extremely grateful to Shri @gautam_adani for recognising that this is the right time to invest in Assam and commit an investment of ₹50,000 cr over next few years. #AdvantageAssam2 pic.twitter.com/C41iC97M8D
— Himanta Biswa Sarma (@himantabiswa) February 25, 2025
তাৰোপৰি টাটা গ্ৰুপেও অসমত আগন্তুক সময়ত ৩০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে টাটা গ্ৰুপে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগেৰে উদ্যোগখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এইবাৰ টাটা গ্ৰুপে এডভাণ্টেজ আছামত উল্লেখ কৰিছে ইলেক্ট্ৰনিক্স আৰু ম’বাইলৰ এটা বৃহৎ মেনুফেকচাৰিং প্ৰকল্প অসমত নিৰ্মাণ কৰিব টাটাই।
Shri Mukesh Ambani Ji has rightly said - AI will soon stand for Assam Intelligence. We are on course to become India’s next tech hub.#AdvantageAssam2 pic.twitter.com/4YjKyYnftg
— Himanta Biswa Sarma (@himantabiswa) February 25, 2025
এই প্ৰকল্পত ৩০ হাজাৰৰ অধিক নিবনুৱাই সংস্থাপন লাভ কৰিব।ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ। তাৰোপৰি টাটা পাৱাৰে অসমত দিব ৩ লাখ ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’। অহা ৬-৭ বছৰত প্ৰতিবছৰে অসমত ১ গিগাৱাট নবীকৰণ শক্তি উৎপাদনৰ লক্ষ্য লৈছে টাটা গ্ৰুপে।
টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে সন্মিলনত উল্লেখ কৰা মতে জাগীৰোডত নিৰ্মাণ কৰি থকা টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ প্ৰায় সমপৰ্যায়ৰ ধন আগন্তুক ৫ বছৰত পুনৰ বিনিয়োগ কৰিব অসমত। ইতিমধ্যে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ ৩০ হাজাৰ কোটিৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। তাৰোপৰি বেদান্ত গ্ৰুপে ইতিমধ্যে ৫০ হাজাৰ কোটিৰ বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে।
After the game changing semiconductor facility in Assam, Chairman of @TataCompanies Shri N Chandrasekaran Ji announces further plans to invest in a mobile phone technology facility and create 30,000 jobs in the State.
— Himanta Biswa Sarma (@himantabiswa) February 25, 2025
Grateful 🙏🏽#AdvantageAssam2 pic.twitter.com/8IeIuf9wrq
এইদৰে আদানী গ্ৰুপ, ৰিলায়েন্স, বেদান্ত আৰু টাটা গ্ৰুপ মিলাই আজি সন্মিলনৰ আৰম্ভণিতে অসমে ১ লাখ ৮০ হাজাৰ কোটি টকাৰ বিনিয়োগ লাভ কৰিলে। এই ধন আগন্তুক ৫ বছৰত অসমত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিলে উদ্যোগ তিনিটাৰ মুৰব্বী তিনিওগৰাকীয়ে। অৱশ্যে এতিয়ালৈকে তেওঁলোকে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰা নাই।
এই পৰ্যন্ত সম্পন্ন হৈছে বহু কেইখন বুজাপৰাৰ চুক্তি
ইফালে এই তিনিওটা প্ৰতিষ্ঠানৰ উপৰিও অসম চৰকাৰৰ সৈতে আন বহু কেইটা প্ৰতিষ্ঠানে বুজাবুজিৰ স্বাক্ষৰ কৰিছে। এইসমূহ প্ৰতিষ্ঠানৰ ভিতৰত বেদান্ত গ্ৰুপে এই মুহূৰ্তলৈকে সৰ্বাধিক ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে।
Shri @prashantruia rightly lays out that #AdvantageAssam2 is not just an investment summit but a platform for growth in the State.
— Himanta Biswa Sarma (@himantabiswa) February 25, 2025
I am thankful to him and the @Essar Group for signing a ₹2,100cr MOU for investment in the renewable energy sector in the State. pic.twitter.com/E9dDfaSRpq
বিনিয়োগকাৰীসকলে অসমত মূলতঃ নৱীকৰণযোগ্য শক্তি, স্বাস্থ্য সেৱা, গেছ বিতৰণ আৰু উৎপাদন, সেউজ গেছ, পৰ্যটন, শিক্ষা আদি ক্ষেত্ৰসমূহত বিনিয়োগৰ বাবে আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে। এনে বিনিয়োগৰ ফলত অসমৰ উদ্যোগীক ক্ষমতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ নিয়োগৰ সুযোগ, বহনক্ষম উন্নয়নৰ প্ৰসাৰ, অৰ্থনৈতিক উন্নয়ন আদিৰ সম্ভাৱনাৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে।
বেদান্ত গ্ৰুপে ৫০ হাজাৰ কোটি টকা তেল আৰু গেছ খণ্ডৰ লগতে চাকৰি সৃষ্টি, সামাজিক-অৰ্থনৈতিক পৰিবৰ্তন আৰু জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ বাবে বিনিয়োগ কৰিব। প্ৰতিষ্ঠানটোৱে এই বিনিয়োগৰ জৰিয়তে বন আৰু বন্যপ্ৰাণী সুৰক্ষা, চাহ বাগানলৈ বিশুদ্ধ শক্তি যোগান আৰু চি এন জি বাছ সেৱা, অসমৰ হস্ত তাঁত শিল্পৰ পুনৰুজ্জীৱিতকৰণ, শিশু আৰু মহিলাৰ উন্নয়নৰ বাবে নন্দ ঘৰ, ৰপ্তানি আৰু উৎপাদনৰ বাবে প্ৰযুক্তি, যুৱ প্ৰজন্মৰ বাবে বৃহৎ পৰিসৰত নিযুক্তিৰ ব্যৱস্থা কৰিব।
People of Assam are extremely elated at Shri @AnilAgarwal_Ved Ji’s announcement to produce 100,000 barrels of oil in next 2 years.@Vedanta_Group #AdvantageAssam2 pic.twitter.com/rxNImrFoWB
— Himanta Biswa Sarma (@himantabiswa) February 25, 2025
আনহাতে এছাৰ গ্ৰুপে বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ লক্ষ্যৰে নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে ২১ হাজাৰ কোটি টকা বিনিয়োগৰ বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে।
অইল ইণ্ডিয়া লিমিটেডে ৰাজ্যৰ শক্তি আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰিবলৈ ২৩,৩০০ কোটি টকাৰ বিনিয়োগৰ বুজাপৰাৰ চু্ক্তিত স্বাক্ষৰ কৰিছে। গেছ যোগান শৃংখল শক্তিশালী কৰাৰ বাবে ইন্দ্ৰধনুশ পাৱাৰ গ্ৰীডৰ সৈতে ১২০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি কৰা হৈছে।
আদানী টোটেল গেছ লিমিটেডে চহৰাঞ্চলত গেছ বিতৰণ, বৈদ্যুতিক বাহনৰ ছাৰ্জিং, ট্ৰাক আৰু খনিৰ বাবে এল এন জি আন্তঃগাঁথনি উন্নয়ন আদিৰ বাবে ৫০০০ কোটিৰ বুজাপৰা চুক্তিত স্বাক্ষৰ কৰিছে।
নুমলীগড় ৰিফাইনেৰী লিমিটেডেচালফাৰ গ্ৰেনুলেচন প্লাণ্ট, যোগীঘোপাৰ মাল্টি ম’ডেল টাৰ্মিনেল, পাঞ্চগ্ৰামত ৰে’ল-ফেড টাৰ্মিনেল, গুৱাহাটীত প্ৰডাক্ট টাৰ্মিনেল আৰু এল পি জি বটলিং ফেচেলিটি, এ টি এফ উৎপাদনৰ বাবে মেৰক্স ইউনিট (৪০০ কে টি পি এ), মিথানলৰ পৰা ডাইমিথাইল এমাইন, ভাপ মিথেন (এছ এম আৰ) গেছৰ পৰা চি অ’, গ্ৰীণ হাইড্ৰজেন ইউনিট (১০ কে টি পি এ), চি অ’2 লিকুইফিকেশন প্ৰকল্প, বহনক্ষম বিমান পৰিবহণ টাৰ্বাইন ইন্ধন (৩০ কেটিপিএ), পলিপ্ৰ’পিলিন ইউনিটৰ বাবে বিনিয়োগৰ বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে।
গ্ৰীণকো এনাৰ্জিছ প্ৰাইভেট লিমিটেডে ৫৮৫০ কোটি টকাৰ বিনিয়োগৰ বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰিছে। গ্ৰীণকো এনাৰ্জিছ প্ৰাইভেট লিমিটেডে ২৪ ঘণ্টাই বিদ্যুত যোগানৰ বাবে ৯০০ মেগাৱট পাম্পযুক্ত সংৰক্ষণ প্ৰকল্পত এই ধন বিনিয়োগ কৰিব।
ৱেলস্পান ৱৰ্ল্ডে চিণ্টেক্স বিএপিএল লিমিটেডৰ অধীনত উচ্চমানৰ পাইপ আৰু পানী সংৰক্ষণ টেংক উৎপাদনৰ বাবে বিনিয়োগ কৰিব ৩৫০ কোটি টকা। ইন্দ্ৰধনুষ পাৱাৰ গ্ৰীড লিমিটেডে দুলীয়াজানক উত্তৰ-পূব গেছ গ্ৰীডৰ সৈতে সংযোগ কৰিবলৈ বিনিয়োগ কৰিব ১২০০ কোটি টকা।
লীলাৱতী ফাউণ্ডেছন এল এল পিয়ে চিৎসা ক্ষেত্ৰত বিনিয়োগ কৰিব ১৫০ কোটি টকা।বায়’ ফ্ৰেইণ্ডছে অসম চৰকাৰৰ সৈতে ২৬০ কোটি টকাৰ বুজাপৰাৰ চুক্তি সম্পন্ন কৰিছে। এই প্ৰতিষ্ঠানটোৱে ডিব্ৰুগড়ৰ নামৰূপত ৮০,০০০ টিপিৱাই ক্ষমতাৰ নতুন ডাইমিথাইল ইথাৰ প্লাণ্ট স্থাপন কৰিব। পি এন বি ইনভেষ্টমেণ্ট চাৰ্ভিচেছ লিমিটেড অসম চৰকাৰৰ সৈতে মুঠ ৩০০০ কোটি টকাৰ বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে।
Gaveshna University য়ে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি অনুসৰি অসমৰ ছিপাঝাৰত ৮০০ কোটি টকা ব্যয়ৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব। -৮০০ - ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব। জে এছ ডব্লিউ গোটে ৰাজ্যত নবীকৰণযোগ্য শক্তি আৰু তাপ শক্তি প্ৰকল্প স্থাপনৰ বাবে ৭০০০ কোটিৰ চুক্তিত স্বাক্ষৰ কৰিছে। সেইদৰে টিচিচি কনচেপ্টছ লিমিটেডে অত্যাধুনিক ডাটা চেণ্টাৰ আন্তঃগাঁথনি স্থাপন কৰাৰ বাবে ১৫০০ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে।