Advertisment

অসমৰ খাৰুৱা তেল আৰু গেছৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ

এডভাণ্টেজ আছাম ২.০ ৰ আলোচনা চক্ৰৰ ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আলোকপাত কৰিলে ১৯ শতিকাৰ শেষৰ ফালৰ পৰা ভাৰতৰ তৈল উদ্যোগ গঢ় দিয়াত অসমৰ ঐতিহাসিক ভূমিকাক।

author-image
Asomiya Pratidin
New Update
অসমৰ খাৰুৱা তেল আৰু গেছৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ

ডিজিটেল ডেস্কঃ এডভাণ্টেজ আছাম ২.০ ৰ আজিৰ দ্বিতীয় দিনটোত "Unlocking Assam’s Energy Potential: Building Future-Ready Oil and Gas Infrastructure, Innovation, and Investment Aligned with Global Energy Transitions" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতা কৰি ভাষণ প্ৰদান কৰে। এই আলোচনাচক্ৰত এই খণ্ডটোৰে জড়িত উদ্যোগীৰ লগতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীও উপস্থিত থাকে।

Advertisment

অনুষ্ঠানটোত ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১৯ শতিকাৰ শেষৰ ফালৰ পৰা ভাৰতৰ তৈল উদ্যোগ গঢ় দিয়াত অসমৰ ঐতিহাসিক ভূমিকাক আলোকপাত কৰে।  ৰাষ্ট্ৰৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনৰ জটিল অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, ভাৰতৰ শক্তি ক্ষেত্ৰত অসম এতিয়াও শক্তিশালী হৈ আছে। এতিয়াও অসমত বিশাল হাইড্ৰ’কাৰ্বন মজুত আছে। তেওঁ কয়, দেশৰ শক্তি খণ্ডৰ ক্ষেত্ৰত অসমত দেশৰ প্ৰাকৃতিক গেছৰ ১২ শতাংশ মজুত আছে আৰু দেশৰ স্থলভাগৰ প্ৰাকৃতিক গেছৰ আধা উৎপাদন অসমে কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

ৰাজ্যখনৰ শোধন শক্তিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে, অসমত ৭.৪৫ মিলিয়ন মেট্ৰিক টন  সংযুক্ত শোধন ক্ষমতাৰে চাৰিটা কাৰ্যকৰী শোধনাগাৰ আছে। যাৰ ফলত দেশৰ বাবে স্থিৰ ইন্ধন যোগান নিশ্চিত হৈছে। ৰাজ্যখনৰ খুচুৰা শৃংখলে  ১১৮০টা আউটলেটক সামৰি লৈছে। আনহাতে বাৰ্ষিক এলপিজিৰ ব্যৱহাৰ অসমত ০.৫ মিলিয়ন মেট্ৰিক টন। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বি চি পি এল), অসম পেট্ৰ’-কেমিকেলছ লিমিটেড (এ পি এল), আৰু নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) কে ধৰি অগ্ৰণী পেট্ৰ’কেমিকেল উদ্যোগে  ৰাজ্যৰ ৰাজহ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই উদ্যোগে বছৰি ৰয়েল্টি আৰু কৰত ১১,৭০০ কোটিতকৈ অধিক অৰিহণা যোগায় আহিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষণত অসমৰ হাইড্ৰ’কাৰ্বন খণ্ডৰ বাবে এক আশাব্যঞ্জক ভৱিষ্যতো দৃশ্য দাঙি ধৰে। তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত অসমত খাৰুৱা তেলৰ উপলব্ধতা দুগুণ হ’ব, আৰু প্ৰাকৃতিক গেছৰ উৎপাদন ৩.২ৰ পৰা ৬.৩ বিলিয়ন ঘনমিটাৰ (বি চি এম)লৈ বৃদ্ধি পাব। তেওঁ বি চি পি এল আৰু এন আৰ এলৰ সম্প্ৰসাৰণৰ বিষয়েও উল্লেখ কৰে। তেওঁ ভাষণত  অসমক উদীয়মান পেট্ৰ’কেমিকেল হাব হিচাপে স্থান দিয়াৰ লগতে ঔদ্যোগিক বৃদ্ধিৰ পোষকতা আৰু কৰ্মসংস্থাপন সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

এই আলোচনা চক্ৰৰ এক অন্যতম কেন্দ্ৰ আছিল হাইড্ৰ’কাৰ্বন ভিজন ২০৩০ । যাৰ অধীনত অসমে ব্যাপক আন্তঃগাঁথনিগত উন্নতিৰ সাক্ষী হৈছে। বাৰাউনী -গুৱাহাটী পাইপলাইনে এতিয়া ৰাষ্ট্ৰীয় পাৱাৰ গ্ৰীডৰ সৈতে অসমক সামৰি লোৱাৰ বিপৰীতে ১৬৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ-পূব পাৱাৰ গ্ৰীডে আঞ্চলিক শক্তি সংযোগত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে।

২২টা চিএনজি ষ্টেচন থকা চিটি গেছ বিতৰণ (চি জি ডি) নেটৱৰ্ক, দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। যাৰ ফলত অসমৰ বিশুদ্ধ শক্তি গ্ৰহণৰ গতি ত্বৰান্বিত হৈছে। ইয়াক এক যুগান্তকাৰী পদক্ষেপ আখ্যাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে  অইল ইণ্ডিয়া লিমিটেডে যোৰহাটত ভাৰতৰ প্ৰথমটো গ্ৰীণ হাইড্ৰজেন প্লাণ্ট , সৌৰশক্তি ব্যৱহাৰ কৰি প্ৰতিদিনে ১০ কিলোগ্ৰাম উৎপাদন কৰি আৰম্ভ কৰিছে৷

আই আই টি গুৱাহাটী আৰু অইলৰ মাজত সহযোগিতাই এই সীমান্ত প্ৰযুক্তিৰ গৱেষণাক অধিক আগুৱাই লৈ গৈছে। পৰিবহণ আৰু উদ্যোগ খণ্ডত সেউজ হাইড্ৰজেনক একত্ৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। তেখেতে উল্লেখ কৰে যে অসম বিশেষকৈ সেউজ হাইড্ৰজেন, সেউজ এমোনিয়া, বহনক্ষম বিমান ইন্ধন, সংকোচিত জৈৱ গেছ, আৰু স্মাৰ্ট ৰাসায়নিক পদাৰ্থৰ ক্ষেত্ৰত উৰ্ধমুখী যাত্ৰা কৰিছে, আৰু ইয়াত বিনিয়োগৰ সুযোগেৰে ভৰি আছে।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে তেওঁৰ ভাষণত অসমৰ শক্তি খণ্ডক শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰৰ দায়বদ্ধতাক পুনৰ এবাৰ দৃঢ়তাৰে উল্লেখ কৰে। তেওঁ তৈলক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন আইন আৰু মুক্ত একৰ অনুজ্ঞাপত্ৰ নীতিৰ দৰে গুৰুত্বপূৰ্ণ নীতিগত দিশসমূহৰ ওপৰত আলোচনা কৰে। লগতে ভাৰতৰ শক্তি সুৰক্ষাৰ আন্তঃগাঁনি গঢ় দিয়াত অসমে আৰু অধিক বৃহৎ ভূমিকা গ্ৰহণ কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে ৷

ইফালে এডভান্টেজ আছাম ২.০ ত কেন্দ্ৰীয় মন্ত্ৰী পুৰীৰ উপস্থিতি আৰু তেওঁৰ অন্তৰ্দৃষ্টিয়ে অসমৰ শক্তিৰ উচ্চাকাংক্ষাক আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। এই অনুষ্ঠানতে মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীক  বঙাইগাঁও শোধনাগাৰৰ সামৰ্থ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহায়ৰ বাবেও অনুৰোধ জনায় ৷

অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰী  ড০ শৰ্মাই কোকৰাঝাৰ আৰু আমগুৰিত কেইবাটাও নতুন চিএনজি খুচুৰা প্ৰকল্প উদ্বোধন কৰে।অধিবেশনত বষ্টন কনছালটিং গ্ৰুপৰ এম ডি এণ্ড পাৰ্টনাৰ কৌস্তুভ ভাৰ্মাই আঁত ধৰা এক আকৰ্ষণীয় পেনেল আলোচনাও অনুষ্ঠিত হয়। য’ত এই উদ্যোগক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে ভাৰতৰ শক্তিৰ ৰোডমেপত অসমৰ বিকাশশীল ভূমিকা সম্পৰ্কে আলোচনা কৰে।

উল্লেখযোগ্য অসম চৰকাৰৰ খনি আৰু খনিজ মন্ত্ৰী কৌশিক ৰায়ৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক  ড° ৰঞ্জিত ৰাথ, নুমলীগড় ৰিফাইনেৰীৰ পৰিচালক ভাস্কৰ জ্যোতি ফুকন,  কেয়াৰ্ন বেদান্তৰ এক্সপ্ল’ৰেশ্যনৰ মুৰব্বী ড° ষ্টিফেন ছেম আলগাৰ, মেথেছন হাইড্ৰজেন প্ৰাইভেট লিমিটেডৰ পৰিচালক সাওগতা ঘোষ আৰু আদানী টোটেল গেছ লিমিটেডৰ চি ই অ’ সুৰেশ মংগলনী। 

ড০ হিমন্ত বিশ্ব শৰ্মা খাৰুৱা তেল পেট্ৰ'লিয়াম মন্ত্ৰী এডভাণ্টেজ আছাম ২.০