/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e94e221c-e3cf-43ac-86ba-5660f82e6364/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ২৪ ঘণ্টাই বিদ্যুতৰ যোগান নিয়মীয়া কৰিম বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত ৰাজ্যত সঘনাই লোডশেডিঙৰ সমস্যাত বৰ্তমান অতিষ্ঠ হৈ পৰিছে ৰাজ্যবাসী। প্রায় ২০/২৫ মিনিটৰ অন্তৰে অন্তৰে বিদ্যুৎ কৰ্তন কৰি উপভোক্তাক এক প্ৰকাৰ আতিশয্য চলাই নিজ কর্তব্য পালনত ব্যর্থ হৈছে শক্তি বিভাগটো।
হিমন্ত বিশ্ব শর্মা শক্তি বিভাগ যেন এতিয়া শক্তিহীন। এই অভিযোগ আম আদমি পাৰ্টীৰ। দলটোৱে অভিযোগ উত্থাপন কৰে যে- বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰা এপিডিডিএলে বিদ্যুতৰ মাচুল দুই তিনি গুণ পৰ্যন্ত ঠিকেই বৃদ্ধি কৰিলে। বর্ধিত বিদ্যুৎ মাচুল দিয়াত পলম হ'লে কাৰেণ্ট কটা, জৰিমণা বিহাত সিদ্ধসস্ত বিভাগটোৱে গ্ৰাহকক প্রয়োজনীয় আৰু নিয়মীয়া বিদ্যুৎ যোগান ধৰাত সম্পূর্ণ ব্যর্থ হৈছে।
এক প্ৰেছ বিবৃতিযোগে আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কয় যে- দুই বছৰ আগৰ গ্ৰাহকৰ ৫০০ টকাৰ বিল এতিয়া প্রায় ২০০০ টকা হ'ল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পূৰ্বৰ দৰে বিদ্যুৎ ব্যৱহাৰৰ পাছত নহয়, মোবাইলৰ সেৱাৰে আগতীয়াকৈ ধন লৈ বিদ্যুৎ যোগান ধৰা স্মার্ট ব্যৱস্থা কৰিলে। তাৰ পিছতো গ্ৰাহকৰ প্ৰতি কোনো দায়বদ্ধতা নাই।
তেওঁ লগতে কয় যে- দিচপুৰত শক্তি বিভাগৰ দায়িত্বত থকা মন্ত্রী নন্দিতা গাৰ্লোচাৰ এচি, ফেন ঠিকেই চলি আছে বাবে হয়তো জনসাধাৰণৰ যন্ত্ৰণাৰ কথা উম-ঘাম নাই। সাধাৰণ বতাহ আৰু অলপ বৰষুণ দিলেই বিদ্যুৎ বিভাগৰ কৰবাত তাঁৰ ছিঙে, কৰবাত চট চার্কেট হয়।
এই ক্ষেত্ৰত দলটোৱে দিল্লী আৰু পাঞ্জাৱত আপ চৰকাৰে ২৪ ঘণ্টা যোগান ধৰা উপৰিও গ্রাহকক প্রতিমাহে ৩০০ ইউনিট পর্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰি কিদৰে কোনো ঋণ নোলোৱাকৈ লাভত চলি আছে, তাৰ অনুকৰণ কৰিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।
Also Read: মেধাৱী ছাত্ৰী ময়ুৰী দেৱীৰ অকাল মৃত্যুত জামুগুৰিত শোকৰ ছাঁ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us