/asomiyapratidin/media/media_files/2026/01/05/1-2026-01-05-23-01-06.jpg)
ডিজিটেল সংবাদ,মিৰ্জা: এখন দলেঙে দীৰ্ঘদিন ধৰি ৰাইজক জ্বলাকলা খুৱাই আহিছে। এই দলংখন হৈছে মিৰ্জাৰ লোক নিৰ্মাণ বিভাগ তথা পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰাণীৰ। ৰাণীৰ অতি ব্যস্ত ব্যৱসায়িক এলেকাত দীৰ্ঘদিন ধৰি এক শোচনীয় অৱস্থাত থকা এই দলংখনৰ খবৰ লাভ কৰি পিচত মিৰ্জাৰ লোক নিৰ্মাণ বিভাগে এই দলংখনৰ দুয়োফালে তিনিটা আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখত এটি বাঁহৰ প্ৰতিৰোধক ব্যৱস্থা দি এক প্ৰকাৰ দায়িত্ব সামৰিছে।
মিৰ্জাৰ সমীপৰ তিনিআলি আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয় পথ সংযোগী তথা ৰাণী বজাৰস্থিত এইখন জৰাজীৰ্ণ দলঙেৰে নিতৌ ৰাইজ, পথচাৰী,ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী,কপিলী পৰ্যটনস্থলী, শুকুৰবেৰীয়া, ৰাণীস্থিত গাহৰি প্ৰজ্বনন আৰু গৱেষণা কেন্দ্ৰলৈ যোৱা বিষয়া কৰ্মচাৰী,ছাত্ৰ ছাত্ৰী,ৰাণীত বহা তিনিখন সাপ্তাহিক বজাৰলৈ অহা লোক,নাৰগাঁৱস্থিত বিমান অৱতৰণৰ বিষয়ৰ যোগাযোগ কেন্দ্ৰ আদি বিভিন্ন ঠাইলৈ এই বিপদজনক দলঙেৰে ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে।
তথাপি খবৰ নাই মিৰ্জাৰ লোক নিৰ্মাণ বিভাগ, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,হেমাংগ ঠাকুৰীয়া আৰু ৰাভা হাছঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ।এইক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে প্ৰায় ডেৰ মাহপূৰ্বে এইদৰে পেলাই থৈ যায়। এই ঘটনাৰ বাবেই পথছোৱাত যান যটৰ সৃষ্টি হোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
অঞ্চলটোৰ ৰাইজে ইতিমধ্যেই লোক নিৰ্মাণ বিভাগ,স্থানীয় বিধায়ক আদিক জনাই আহিছে যদিও কামত অহা নাই। ক্ৰমাত দিনে দিনে অধিক শোচনীয় হৈ গৈ আছে এই দলংখনি।নিশাটো বাদেই দিনৰ ভাগতেই ৰাইজে যাতায়াতৰ বাবে বিপাঙত পৰিছে। ইতিমধ্যে এই দলঙত গঞা আৰু পোহনীয়া জীৱ জন্তু আদিৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে।
দলংখনৰ এই শোচনীয় অৱস্থাৰ পিচতো বৰ্তমানলৈকে খবৰ নাই ঠিকাদাৰ, অভিযন্তা আৰু মিৰ্জাৰ লোক নিৰ্মাণ বিভাগ তথা আৰক্ষী প্ৰশাসনৰ। গুৰুত্বপূৰ্ণ যে, এই দলংখনৰ তলেৰে পূৰ্বৰে পৰাই এখন সৰু নদী বৈ আছিল। বৰ্তমান এই নদীখনো মাৰ গৈ আহিছে। সচেতন ৰাইজে এই দলঙৰ লগতে নদীখনৰো সূচল কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ যে,এই দলঙেৰেই শাসকীয় দলৰ একাংশ নামী দামী নেতা,নেত্ৰীয়ে বিলাসী বাহনেৰেই সঘনাই যাতায়াত কৰি অঞ্চলটোত মেল মিটিং কৰি আহিছে যদিও এই দলঙৰ কথাবোৰৰ বিষয়ত মৌনতা অৱলম্বন কৰা কাৰ্যত সচেতন লোকে আশ্চৰ্য প্ৰকাশ কৰে।
ইপিনে গধূৰ যান বাহন,চোৰাংকাঠৰ গাড়ীৰ দৌৰাত্ম্যৰ বাবেও পথছোৱা বিপদজনক হৈ পৰিছে। ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে এখন দলঙকে নিৰ্মাণ কৰিব নোৱৰা চৰকাৰৰ তেন্তে কি উন্নয়ন কৰিলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us