ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ থকা ২গৰাকী লোক আৰোগ্য হৈ উঠিছে। তেওঁলোকক চিকিৎসকে সকলোধৰণৰ পৰীক্ষা কৰাৰ অন্তত ঘৰলৈ যাবলৈ দিছে। শুকুৰবাৰে তেওঁলোকক হাস্পতাল পৰা ঘৰলৈ যোৱাৰ সময়ত হাত চাপৰিৰে চিকিৎসকৰ লগতে চিকিৎসাকৰ্মীসকলে বিদায় দিলে। জিএনআৰচিৰ কলকাতা ইউনিটত চিকিৎসা প্ৰদান কৰা হৈছিল লোককেইগৰাকীক।
এই খবৰ জিএনআৰচি গ্ৰুপৰ বাবে এক বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে, পশ্চিম বংগত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ২৫৫ গৰাকী লোক। ইয়াৰে ১১ গৰাকী লোক কলকাতাত কোৰোনাত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে ১০ গৰাকী লোকে কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে। ইফালে আৰোগ্য হৈছে ৫১ গৰাকী লোক।