চৰকাৰৰ ৰোষত বুম্বা ৰাইডৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন…

চৰকাৰৰ ৰোষত বুম্বা ৰাইডৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন…

ডিজিটেল ডেস্কঃ লুইত কুমাৰ বৰ্মনলৈ গুৱাহাটী পৌৰ নিগম আয়ুক্তৰ জাননী। হাতীগাঁৱৰ বনফুল নগৰত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে এই জাননী। উল্লেখ্য যে শেহতীয়াকৈ কান চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা 'বুম্বা ৰাইড' ছবিৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন।

বৰ্মনৰ বিৰুদ্ধে অবৈধভাৱে চতুৰ্থ মহলা নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে। পৌৰ নিগমৰ আয়ুক্তই পূৰ্বেও বৰ্মনলৈ জাননী প্ৰেৰণ কৰিছিল যদিও উত্তৰ লাভ নকৰাত পুনৰ এক জাননী প্ৰেৰণ কৰিছে। এই জাননীৰ উত্তৰ বৰ্মনে ৭ দিনৰ ভিতৰত দিব লাগিব। তেওঁৰ অবৈধ নিৰ্মাণ কিয় ভঙা নহ'ব তাৰ উত্তৰ দিব লাগিব।

শুকুৰবাৰে পৌৰ নিগমৰ আয়ুক্তই জাননী প্ৰেৰণ কৰিছে। বৰ্মনৰ বিৰুদ্ধে নিৰ্মাণৰ নক্সা সালসলনি কৰাৰ অভিযোগ উঠিছে। তেওঁৰ ভৱনৰ কাষত থকা বাধ্যতামূলক মুকলি স্থানত অবৈধ নিৰ্মাণৰো অভিযোগ উঠিছে। পূৰ্বে ৯ মে'ত নিগমে জাননী জাৰি কৰিছিল যদিও উত্তৰ নোপোৱাত পুনৰ জাৰি কৰা এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে। অথবা তেওঁৰ অভৈধ নিৰ্মাণ ভাঙি দিয়াৰ লগতে তেওঁৰ ভৱন জব্দ কৰাৰো হুংকাৰ দিছে।

ইফালে পৌৰ নিগমৰ এই জাননীৰ খবৰ সাংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে লুইত কুমাৰ বৰ্মনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে-'অবৈধ অট্টালিকা বনাইছো যদি ইমান দিনে দেখা নাছিল নেকি? GMC কতৃপক্ষৰ নটিছ দিয়াৰ অধিকাৰ আছে আৰু তেওঁলোকৰ নটিছৰ ৰিপ্লাই মই কৰিম। কিন্তু মই নটিছ পোৱা নাই, সংবাদ মাধ্যমে কেনেকৈ পালে সেইটো হে আচৰিত! জনতা ভৱন, উচ্চ ন্যায়ালয়ৰ সকলো বিল্ডিং অনুমতি মতে হৈছে নে? বা গুৱাহাটীৰ এনে এটা বিল্ডিং দেখাই দিয়ক যি ১০০% বিল্ডিং পাৰ্মিচন মতে হৈছে? ভালেই হৈছে চবৰে মুখা খুল যাওঁক ৰেড কাৰ্পেটৰ দৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in