অবিবেচক লকডাউন আৰু প্ৰশাসনৰ সমন্বয়হীনতাত ৰাইজৰ বৰ্ণনাতীত হাৰাশাস্তি…

অবিবেচক লকডাউন আৰু প্ৰশাসনৰ সমন্বয়হীনতাত ৰাইজৰ বৰ্ণনাতীত হাৰাশাস্তি…

ডিজিটেল ডেস্কঃ অপৰিকল্পিত লকডাউনে কোৰোনাৰ পৰা ৰাইজক কিমান ৰক্ষা কৰিব পাৰিব, সেয়া প্ৰশ্নৰ বিষয়। কিন্তু বিবেচনাহীনভাৱে কোৰোনাৰ সমান্তৰালভাৱে চলা বানপানীৰ দুৰ্যোগৰ সময়ত জৰুৰী সেৱা সমূহকো ৰেহাই নিদিয়াকৈ ঘোষণা কৰা লকডাউনে সমগ্ৰ ৰাজ্যতে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আনহাতে লকডাউনৰ সময়ত কোনবোৰ সেৱাক ৰেহাই দিয়া হৈছে, কাৰ বিৰুদ্ধে কঠোৰ প্ৰতিৰোধমূলক পদক্ষেপ ল'বলৈ কোৱা হৈছে সেই সন্দৰ্ভতো চৰকাৰ প্ৰশাসনৰ মাজত সু-সমন্বয়ৰ অভাৱে সৃষ্টি কৰিছে জটিল সমস্যাৰ।

উদাহৰণস্বৰূপে, ৰাজ্যৰ মুখ্য সচিবে মহানগৰীৰ লকডাউনৰ সময়ত গাখীৰ যোগান, ছপা আৰু ইলেক্টনিক সংবাদ মাধ্যমৰ সৈতে জড়িত লোকৰ সৈতে বাতৰি কাকতৰ বিতৰণৰ লগত জড়িত হকাৰসকল, চিকিৎসালয়লৈ যাব লগা লোক, ঔষধালয়কে ধৰি অত্যাৱশকীয় সেৱা যেনে, আৰক্ষী, অগ্নি নিৰ্বাপন, এম্বুলেন্স, বিদ্যুৎ, খোৱাপানী যোগান আদিৰে প্ৰত্যক্ষভাৱে জড়িত লোকসকলক ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল যদিও ৰাজপথত লকডাউন ৰূপায়নৰ বাবে নিয়োজিত আৰক্ষী এইবোৰ বিষয় সন্দৰ্ভত বিস্তৃতভাৱে অৱগত নোহোৱাৰ বাবে সোমবাৰে বিভিন্ন স্থানত আৰক্ষীয়ে মহানগৰীত বহুজনক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে।

গাখীৰ বিতৰণৰ বাবে অহা গোৱালৰ ডামৰ গাখীৰ ৰাস্তাত পেলাই দিয়াৰ দৰে ঘটনাও সংঘটিত হৈছে। সেইদৰে বিভিন্ন ঠাইত বাতৰি কাতত বিতৰণৰ বাবে যোৱা হকাৰৰ লগতে কাকত কঢ়িওৱা বাহনক ঠায়ে ঠায়ে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। ইফালে, ফাৰ্মাচী খোলা ৰখাৰ কথা কৈছে যদিও ফাৰ্মাচীক কাম কৰা কৰ্মচাৰীক অনাৰ ব্যৱস্থা কৰা অথবা ঔষধ বিতৰণ প্ৰতিষ্ঠানৰ (ডিষ্ট্ৰিবিউটৰ) কৰ্মচাৰী ৰখাৰ ক্ষেত্ৰত বাধা দিয়াৰ বাবে ঔষধ বিতৰণ ব্যৱস্থাও একপ্ৰকাৰৰ বন্ধ হৈ পৰিছে।

ইয়াতোকৈ ডাঙৰ কথা হৈছে, জনস্বাস্থ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কাৰ্যালয় বন্ধ কৰি দিয়াৰ ফলত কোভিড-১৯ আৰু বানত আক্ৰান্ত এলেকাৰ শিবিৰ সমূহলৈ খাদ্য সামগ্ৰী, জনস্বাস্থ্যৰে জৰিত টিউৱেল, চেনিটেশ্যন ব্যৱস্থাৰ আহিলা, ব্লিচিং পাউদাৰকে ধৰি অতিকে জৰুৰী সা-সামগ্ৰী সমূহ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সৃষ্টি হৈছে প্ৰতিবন্ধকতা। যিটো সময়ত, ১১ লক্ষাধিক লোক বানত ঘৰ-দুৱাৰ হেৰুৱাই অস্থায়ী শিবিৰ আদিত কটাব লগা হৈছে তেওঁলোকক যোগান বিভাগৰ কাৰ্যালয় বন্ধ থকাৰ বাবে যিদৰে প্ৰয়োজনীয় সামগ্ৰী সময়মতে যোগান ধৰিব পৰা নাই, একেদৰে খোৱাপানীৰ বাবে টিউৱেল, চৌপাশৰ বীজাণু নাশ কৰাৰ বাবে ব্লিচিং পাউদাৰ, অনাময় ব্যৱস্থাৰ সা-সামগ্ৰী আদি যোগান ধৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ অনিচ্ছাস্বত্তেও চৰকাৰী বাধাৰ বাবে আতৰি থাকিব লগা হৈছে। এনে পৰিস্থিতিত বিশেষ সমস্যাৰ সন্মুখীন হোৱা ৰাইজেও কাৰ্যালয় বন্ধ থকাৰ বাবে কাৰো সৈতে যোগাযোগ কৰিব পৰা নাই।

ইফালে বেংক সেৱাৰ ক্ষেত্ৰত প্ৰথমে খোদ স্বাস্থ্যমন্ত্ৰীয়ে সংবাদমেলত যদিও সীমিত কৰ্মচাৰীয়ে বেংক চলিব বুলি কৈছিল, কিন্তু গুৱাহাটীত বিভিন্ন বেংকৰ চাৰিটা শাখাহে ১০শতাংশ কৰ্মচাৰীৰে চলাব লাগিব বুলি কঠোৰ নিৰ্দেশনা দিয়াত মহানগৰবাসীয়ে ধনৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। যিকেইটা বেংক বিত্তীয় লেনদেনৰ বাবে খোলা ৰখা হৈছে সেইকেইটাও কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে বিত্তীয় লেনদেন বন্ধ হৈ আছে। যিকাৰণত সোমবাৰে মহানগৰবাসী একপ্ৰকাৰৰ ক্ষোভত ফাটি উঠিছে। লকডাউনত কোৰোনাৰ বাবে নমৰিলেও, চিকিৎসাৰ অভাৱত বহু মজদুৰ শ্ৰেণীৰ দৰিদ্ৰলোক খাদ্যৰ অভাৱত মৰিব লাগিব বুলি একাংশই মন্তব্য কৰিছে। ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতা আজি প্ৰকট হৈ পৰা বুলি বিভিন্ন ৰাইজে অভিযোগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in