গুৱাহাটীত বানপানী…VIDEO

গুৱাহাটীত বানপানী…VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ এজাক বৰষুণতে বুৰিল স্মাৰ্ট চিটি গুৱাহাটী। মঙলবাৰে নিশা প্ৰায় ৮.৩০ বজাত অহা এজাক বৰষুণত জলমগ্ন হ'ল গুৱাহাটীৰ প্ৰায়বোৰ অঞ্চল।

মহানগৰীৰ চানমাৰী, গান্ধীবস্তি, জু ৰোডৰ বহুকেইটা অঞ্চলত হোৱা কৃত্ৰিম বানপানীয়ে বাৰুকৈয়ে জ্বলা কলা খোৱালে মহানগৰবাসীক।

প্ৰায় ২০ মিনিট ধৰি হোৱা মুষলধাৰ বৰষুণত পথৰ ওপৰত জমা হয় একাঠু পানী। সন্ধিয়া বিভিন্ন কামত ওলাই আহি পানী গচকি ঘৰমূৱা হ'বলগা বহুলোকে এই অৱস্থাৰ বাবে গুৱাহাটীৰ উন্নয়নৰ বাবে থকা বৰ্ডকেইখনকে দোষাৰূপ কৰে।

পৰিকল্পনাহীন কাম কাজৰ বাবেই গুৱাহাটীত কৃত্ৰিম বানপানীত সমস্যাটো দীৰ্ঘদিনে সমাধান হোৱা নাই বুলি তেওলোকে মতপোষণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in