Live Update : বান, ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী- অনিল নগৰত উদ্ধাৰ এজনৰ মৃতদেহ…

Live Update : বান, ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী- অনিল নগৰত উদ্ধাৰ এজনৰ মৃতদেহ…

সময় ১০ঃ০০- বৰাগাঁৱত ভূমিস্খলনত আবদ্ধ হৈ থকা চাৰিওজন লোকৰে মৃতদেহ উদ্ধাৰ।

সময়- ১১ঃ০০- সমগ্ৰ গুৱাহাটী পানীৰ তলত। স্তব্ধ যাতায়ত ব্যৱস্থা। বন্ধ ঘোষণা শিক্ষানুষ্ঠান।

সময়- ১১ঃ১০- গুৱাহাটী মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ পৰীক্ষা বাতিল।

সময়- ১১ঃ২০ জু ৰোডত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ সুৰক্ষা বেৰ উটুৱাই নিলে বান পানীয়ে।

সময়- ১১ঃ২৫- পুনৰ বানপানীত ডুব গ'ল এ আই ডি চি। নিশাৰ পৰা অহা বানে ,এ আই ডি চিত বানপানীৰ সৃষ্টি কৰিছিল যদিও পুৱা বান মুক্ত হৈছিল এ আই ডি চি। এই মুহূৰ্তত পুনৰ বানৰ কৱলত পৰিছে এ আই ডি চি।

সময়- ১১ঃ৩০- মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিলে হেল্প লাইন নম্বৰ। গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ নম্বৰ- ৯৫০৮২০৯৬৮৬, দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০২৯৯৮৪ নম্বৰত অথবা প্ৰশাসনৰ টোল ফ্ৰী নম্বৰ ১০০৯ আৰু ৯৩৬৫৪২৯৩১৪ এই নম্বৰত যি কোনো অসুবিধআৰ বাবে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই।

সময়-১১ঃ৪০ – অনিল নগৰত খহি পৰিল ভৰলুৰ গাৰ্ড ৱাল। পূৰ্বৰে পৰা খহি আছিল এই গাৰ্ড ৱাল। আজি পুনৰ জোনালীৰ সমিপত গাৰ্ড ৱাল খন খহি পৰাত ভৰলুৰ পানী উফন্দি বসতিপূৰ্ণ অনিল নগৰ, তৰুণ নগৰ, নবীন নগৰ আদি একাধিক অঞ্চল বুৰাই পেলাইছে।

সময়-১১ঃ ৪৫- উত্তৰ গুৱাহাটীতো ভূমিস্খলন। কথমপি প্রাণ ৰক্ষা জাইকা পানী প্রকল্পৰ কেইবাজনো শ্রমিকৰ।

সময়- ১২ঃ০০- নগাঁৱৰ দিশেৰে অহা গুৱাহাটী অভিমুখী বাহন সমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰাৰ লগতে তেজপুৰ, মঙ্গলদৈ দিশৰ পৰা গুৱাহাটী অভিমুখী বাহনসমূহো জালুকবাৰী অঞ্চলত আবদ্ধ হৈ পৰিছে। ফলত দুয়োটা দিশৰ ৰাজপথত হাজাৰ হাজাৰ বাহন ভৰি পৰিছে।

সময়- ১২ঃ৪৫- কামাখ্যালৈ যোৱা পথত ভূমিস্খলন। পাহাৰৰ পৰা বাগৰি পৰিছে প্ৰকাণ্ড শিল। প্ৰশাসনে বন্ধ কৰি দিছে কামাখ্যালৈ যোৱা পথ।

সময়-১ঃ০০- নৱগ্ৰহত ব্যাপক ৰূপত ভূমিস্খলন। খহি পৰিছে গাৰ্ড ৱাল।

সময়- ১ঃ২০- চানমাৰি, অনুৰাধা, বামুণীমৈদাম, নুনমাটিকে ধৰি একাংশ অঞ্চলত শুকাইছে কৃত্ৰিম বান। অৱশ্যে পুনৰ বৰষুণ আৰম্ভ হোৱাত এই স্থানত আকৌ কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

সময় -২ঃ৩০ – অনিল নগৰত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ৰাম প্রসাদ বণিক্যৰ। সোমবাৰে নিশাই তেওঁৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। জি এম চিৰ আয়ুক্তৰ বাহনত লৈ যোৱা হৈছে মৃতদেহটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in