জাপানী প্ৰধানমন্ত্ৰীক স্বচ্চতাৰ ভাওনা দেখুওৱাৰ আখৰা! তামোলৰ পিকৰ পৰা বচাবলৈ ডিভাইডাৰত পলিথিনৰ ঢাকন

জাপানী প্ৰধানমন্ত্ৰীক স্বচ্চতাৰ ভাওনা দেখুওৱাৰ আখৰা! তামোলৰ পিকৰ পৰা বচাবলৈ ডিভাইডাৰত পলিথিনৰ ঢাকন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১৫ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে গুৱাহাটীলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শক্তিধৰ ৰাষ্ট্ৰখনৰ সৈতে দ্বি-পাক্ষিক সম্পৰ্ক আৰু বাণিজ্য সন্দৰ্ভত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে বাচি লৈছে গুৱাহাটীক। কিয়নো দ্বিতীয় মহাসমৰৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত বহু জাপানী সৈন্যই বাহৰ পতাৰ লগতে এনেকে প্ৰাণ দিছিল। অঞ্চলটোৰ প্ৰায়কেইখন ৰাজ্যৰ লগতে গুৱাহাটীতো সেইকেইজন সৈন্যৰ ৱাৰ চেমিত্ৰি আছে।

সময় হ'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰত থকা বৃহৎ ৱাৰ চেমিত্ৰি পৰিদৰ্শন কৰিবলৈও যোৱাৰ কথা। এনে প্ৰেক্ষাপটতে মহাপ্ৰতাপী জাপানৰ প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোডীৰ গুৱাহাটী ভ্ৰমণক লৈ গাত তৎ নোহোৱাৰ অৱস্থা হৈছে ৰাজ্য চৰকাৰ তথা মহানগৰ প্ৰশাসনৰ। কিয়নো প্ৰধানমন্ত্ৰী মোডীৰ পৰিকল্পনাৰ মতে গুৱাহাটীত থকাৰ সময়ত বিভিন্ন ঠাই পৰিদৰ্শনৰ উপৰি জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীক লৈ তেওঁ ব্ৰহ্মপুত্ৰত নৌকা বিহাৰো কৰিব।

সেয়েহে ভৰলুৰ পৰা কাছাৰী ঘাটলৈ সমগ্ৰ এলেকাটোত গড়কাপ্তানি, পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী আদি সকলো বিভাগ নামি পৰিছে এইকেইটা দিনৰ ভিতৰতে এলেকাটো বিয়াঘৰৰ দৰে সজাই-পৰাই তোলাত। দিনে-ৰাতিয়ে ৰাস্তা, ফুটপাথ, ডিভাইডাৰ, মেৰামতি কৰি ৰং সনাৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবি-জংঘল চিকুণাই মাটি পেলাই কাছাৰী ঘাটৰ সমগ্ৰ অঞ্চল নৰূপত সজাই তোলা হৈছে।

আনকি, কাছাৰীৰ জাহাজঘাটত দীৰ্ঘদিন ধৰি পৰি থকা ভঙা জাহাজ এখনো ৰং-বিৰং কৰি সজাই তোলাৰ লগতে মহানগৰ জিলা উপায়ুক্তৰ পুৰণি বাসভৱনটো নতুন ৰূপত গঢ়ি তোলা হৈছে। খবৰ মতে, নৌকা বিহাৰৰ পিছত এই ঘৰটোতে ২ প্ৰধানমন্ত্ৰীৰ বৈঠকো অনুষ্ঠিত হ'ব। একেদৰেই ব্ৰহ্মপুত্ৰৰ সিটো পাৰে উত্তৰ গুৱাহাটীত লুইতৰ পাৰত দিনে-ৰাতিয়ে চলিছে সৌন্দৰ্য বৰ্ধনৰ কাম।

পিছে কোটি টকা ব্যয় কৰি নৰূপত ফাঁচী বজাৰ, কাছাৰী ঘাট অঞ্চল সজাই-পৰাই তোলা গড়কাপ্তানি আৰু গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ বাবে শেহতীয়াকৈ মূৰৰ কামোৰণি হৈ পৰিছে ডিভাইডাৰৰ বগা ৰঙৰ ওপৰত তামোল আৰু গুটখাৰ পিক পেলোৱাত অভ্যস্ত মহানগৰীখনৰ একাংশ বাইক আৰু গাড়ী আৰোহী তথা চালক। কিয়নো গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ নামত যোৱা মাহত যিবোৰ ডিভাইডাৰ নতুনকৈ নিৰ্মাণ কৰি বগা-ক'লা ৰং সনা হৈছিল সেইবোৰ এসপ্তাহৰ ভিতৰতে পিকৰ ৰঙা ৰঙেৰে ইতিমধ্যে ৰঙা হৈ পৰিছে।

কাছাৰী ঘাটতো নতুনকৈ ৰং কৰা ডিভাইডাৰ-ফুটপাথ প্ৰধানমন্ত্ৰীয়ে দেখাৰ পূৰ্বেই বাইক-গাড়ী চালকেৰে তামোলৰ পিকেৰে ৰঙা হোৱাৰ আশংকাই মহানগৰ কৰ্তৃপক্ষৰ নিদ্ৰা এনেদৰে হৰণ কৰিছে যে, উপায়ন্তৰ হৈ শেহতীয়াকৈ নতুনকৈ ৰং কৰা ডিভাইডাৰবোৰ বগা পলিথিনেৰে ঢাকি পেলোৱা হৈছে। পিছে ওকণিৰ ভয়ত চুলি কাটিবলৈ লোৱা প্ৰশাসনে এইক্ষেত্ৰত এবাৰলৈও মনত পেলোৱা নাই এনেদৰে বিশাল এলেকাত বিশাল পলিথিল ব্যৱহাৰ কৰি চৰকাৰে নিজে বলবৎ কৰা পলিথিন নিষিদ্ধকৰণ আইন তেওঁলোকে নিজে ভংগ কৰিছে। প্ৰণিধানযোগ্য যে, কিছুদিন পূৰ্বে পথত জাৱৰ পেলোৱা, য'তে-ত'তে প্ৰসাৱ কৰা, তামোলৰ পিক পেলাই ডিভাইডাৰৰ ৰং লেতেৰা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰি তেনে কাৰ্য সংঘটিত কৰা লোকৰ ফটো প্ৰেৰণ কৰা লোকক ৫০০ টকাকৈ দিয়া হ'ব বুলিও পৌৰনিগমে ঘোষণা কৰিছিল।

পিছে যি পৌৰ নিগমে নিজেই আইন ভংগ কৰি ডিভাইডাৰ চাফা কৰি দেখুৱাবলৈ পলিথিনৰ ব্যৱহাৰ কৰে, সেই আইন ভংগকাৰী চৰকাৰে জাৱৰ বা তামোলৰ পিক পেলোৱা, প্ৰসাৱ কৰা লোকক শাস্তি প্ৰদান কৰি এইয়া বন্ধ কৰাৰ ক্ষেত্ৰত কেনেকৈ সফল হ'ব পাৰিব। সম্ভৱত সোইবাবেই চৰকাৰৰ ঘোষণা ইতিমধ্যেই ফুটুকাৰ ফেনত পৰিণত হৈছে। কিয়নো স্বচ্চতাৰ শ্লোগান যিমানেই আওঁৰাই নাথাকক কিয়, নাগৰিকসকলক এখন স্বচ্চ মহানগৰী গঢ়াৰ সমান্তৰালভাৱে ইয়াত বসৱাস কৰাৰ বাবে উপযুক্ত ৰূপত মানসিকভাৱে যোগ্য কৰি তোলাৰ কোনো ফলপ্ৰসু অভিযান চৰকাৰে ল'ব পৰা নাই।

কিছুদিন পূৰ্বে ইণ্ডোৰত পথত দাতিত প্ৰসাৱ কৰা এজনক পৌৰ নিগমৰ লোকে আটক কৰি শাস্তি হিচাবে ৫ ঘন্টাৰ বাবে জাৱৰ চাফা কৰাৰ কামত লগাইছিল। এনে পদক্ষেপ যে অধিক ফলদায়ক সেইয়া ইণ্ডোৰত ইতিমধ্যে স্পষ্ট হৈছে। কিন্তু গুৱাহাটী মহানগৰীৰ প্ৰশাসন নিজেই ইমান লেতেৰা যে, ইণ্ডোৰৰ দৰে পদক্ষেপ লোৱাৰ নৈতিক সাহসকণ তেওঁলোকৰ নাই বাবেই ৰাস্তাৰ জাৱৰত ঝাড়ু মাৰি কেমেৰাত পজ দিয়া এইসকল আমোলা বিষয়াই এতিয়া নতুনকৈ ৰং কৰা ডিভাইডাৰ পলিথিনেৰে ঢাকি ভাৰত-জাপানৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ আগত স্বচ্চতাৰ ভুৱা ছবি দেখুওৱাৰ নিস্ফল পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in