শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনিয়ানৰ নেতৃত্বত ‘ৰণহুংকাৰ’

শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনিয়ানৰ নেতৃত্বত ‘ৰণহুংকাৰ’

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সমগ্ৰ অসম উত্তাল হৈ থকাৰ সময়তে শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আয়োজন কৰিছে ৰণহুংকাৰ শীৰ্ষক এক গণ ধৰ্মঘট কাৰ্য্যসূচী৷ অসমৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বুদ্ধিজীৱী, শিল্পী সাহিত্যিক, সচেতন নাগৰিক আদিয়ে অংশগ্ৰহণ কৰিবলগীয়া ৰণহুংকাৰৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী সংগ্ৰাম অধিক দৃঢ় কৰাৰ প্ৰচেষ্টা হাতত লৈছে৷ আয়োজক কটনিয়ানসকলে হুংকাৰ দি কয়, "কোনো কাৰণতে অসমবাসীয়ে সাম্প্ৰদায়িক আৰু অসাংবিধানিক নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয়৷ জাতি, ভাষাৰ প্ৰতি বিপদ কঢ়িয়াই অনা এই নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া মানুহৰ অধিকাৰকে নিশ্চিহ্ন কৰিব৷ জাতি বিক্ৰী কৰিবলৈ লোৱা বদনৰূপী নেতাসকলৰ বিপক্ষে ৰাইজ মাৰ বান্ধি থিয় হৈছে আৰু জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৰাজপথলৈ ওলাই আহিছে৷"

তেওঁলোকে লগতে কয়, অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যিধৰণেৰে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে, ইয়ে প্ৰতীয়মান কৰে যে, কেব বিৰোধী যুঁজৰ বাবে যুদ্ধংদেহি ৰূপত আগবাঢ়িছে যুৱ সমাজ৷ "ৰণহুংকাৰ"ৰ জৰিয়তে আচলতে সমগ্ৰ ছাত্ৰসমাজৰ এই প্ৰতিৰোধ সংগ্ৰামক এক কৰি সংগ্ৰামখনক অধিক দৃঢ় কৰাৰ চেষ্টা চলোৱা হৈছে৷

উল্লখ্য যে, শুকুৰবাৰৰ ৰণহুংকাৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ দুকুৰিৰো অধিক বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব৷ অসমৰ বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোঁহাই, উদয়াদিত্য ভৰালী, লক্ষ্মীনাথ তামুলী, বসন্ত ডেকা, নেকিবুৰ জামান, হাইদৰ হুছেইন, প্ৰশান্ত ৰাজগুৰু, ৰাছেল হুছেইন, শান্তনু বৰঠাকুৰ, কিশোৰ কুমাৰ কলিতা, মুনীন বায়ন, নিতুমনি শইকীয়া, পৰাগমনি আদিত্য, মাইনী মহন্ত, অনুৰাধা শৰ্মা পূজাৰী, উৎপল বৰা, নিতুপৰ্ণ ৰাজবংশী আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকিব৷

জুবিন গাৰ্গেও উক্ত অনুষ্ঠানত উপস্থিত থাকিব বুলি ইতিমধ্যে জনাইছে৷ লগতে মানস ৰবীন, তৰালী শৰ্মা, গৰিমা শইকীয়া গাৰ্গ, আচুৰ্য বৰপাত্ৰ আদিয়েও ৰণহুংকাৰত যোগদান কৰিব৷ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ক্লাৱৰ সদস্য, মহিলা সমাজ আদিও উপস্থিত থাকিব বুলি জনাইছে এই প্ৰতিবাদী কাৰ্যসূচীত। ৰণহুংকাৰৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে সদৌ গুৱাহাটী পথ ব্যৱসায়ী সংস্থাই এক সংবাদমেলযোগে বন্ধ ঘোষণা কৰিছে৷ দিনৰ ১২ বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা পথত অনুষ্ঠিত হ'বলগীয়া এই গণ ধৰ্মঘট কাৰ্য্যসূচীত অসমবাসী ৰাইজৰ সহায় সহযোগ আৰু অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছে আয়োজকসকলে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in