গুৱাহাটীত ২৪ঘন্টাত ১৭২গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা…

গুৱাহাটীত ২৪ঘন্টাত ১৭২গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা…

ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিশেষকৈ গুৱাহাটী মহানগৰীত প্ৰতিটো দিনটেই ধৰা পৰিছে কোৰোনা আক্ৰান্তলোক। সোমবাৰে নিশাও স্বাস্থ্যমন্ত্ৰীয়ে এক টুইট যোগে সদৰি কৰে যে, ৰাজ্যত ৩০২গৰাকী লোক পুনৰ কোৰোনাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৭২গৰাকীয়েই হৈছে গুৱাহাটীৰ। উদ্বেহগজনক কথাটো হল যে, মাত্ৰ ২৪ঘন্টাৰ ভিতৰত গুৱাহাটীত ১৭২গৰাকী লোকৰ দেহত কোৰোনাৰ অৱস্থিতি ধাৰ পৰিছে।

ৰাজ্যত বৰ্তমান কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৭৭৯৪ আৰু ইয়াৰে ৫৩৩৩গৰাকী কোৰোনামুক্ত হৈ ঘৰলৈ উভটিছে। ৰাজ্যত বৰ্তমানো চিকিতসাধীন আছে ২৪৪৭গৰাকী ৰোগী আৰু ১১গৰাকী লোকৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in