শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

গুৱাহাটী কৰ্মাচ কলেজৰ এন এছ এছৰ গ্ৰীষ্মকালীন ইন্টাৰ্নিশ্বিপ অভিযানক ৰাইজৰ প্ৰশংসা…

89

ডিজিটেল ডেস্কঃ গুৱাহাটী কৰ্মাচ কলেজৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ গ্ৰীষ্মকালীন ইন্টাৰ্নিশ্বিপ ২.০ অভিযান মঙলবাৰে অন্ত পৰে। ৫০ ঘন্টীয়া এই আচঁনিৰ প্ৰগ্ৰেম অফিচাৰদ্বয় ড০ স্বেতা পেগু আৰু ড০ সুমধুৰ গয়ৰ তত্বাৱধানত বিভিন্ন কাৰ্যসূচীত মুঠ ৩৫ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।

চলিত বৰ্ষৰ জুলাই মাহত আৰম্ভ হোৱা এই অভিযানকালত স্বেচ্ছাসেৱক সকলে কলেজ চৌহদৰ পৰিষ্কাৰকৰণৰ উপৰি কলেজৰ সমীপৰ অঞ্চলত ঘৰে ঘৰে গৈ প্লাষ্কিকজাতীয় সামগ্ৰী ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। কেৱল এয়াই নহয় স্বেচ্ছাসেৱক তথা শিক্ষাৰ্থীসকলে মহানগৰৰ বিভিন্ন স্থানত পথৰ কাষৰ দেৱালত আকৰ্ষণীয় ছবি অংকন কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি