শেহতীয়া খবৰ
নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ দৰঙত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ ক’লা দিৱস ঘোষণা  •  মেঘালয়ৰ কয়লা খনিত আৱদ্ধ এজন শ্ৰমিকৰ মৃতদেহৰ সন্ধান  •  তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ  •  তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ  •  বোকাখাতত ভয়ংকৰ দুৰ্ঘটনা, নিহত ট্ৰেক্টৰ চালক  •  ৰাজপথত ১১৩ কোটি টকা, লাগিল হেতা-ওপৰা  •  ডবকাত দ্ৰুতবেগী টাটা ম’বাইল বাহনৰ খুন্দাত নিহত এজন বাইক আৰোহী  •  সকলোৰে ভুল, শুদ্ধ কেৱল হিমন্ত!

মেঘাচন্ন হৈ থাকিব গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ, বৃদ্ধি পাব শীতৰ প্ৰকোপ

1,464

ডিজিটেল ডেস্কঃ আগন্তুক দুই-তিনিদিন ধৰি মেঘাচন্ন হৈ থাকিব গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ। বাঢ়িব শীতৰ প্ৰকোপ। মেঘাচন্ন হৈ থাকিলেও অৱশ্যে বৰষুণ অহাৰ সম্ভৱনা কম। তথাপিও দুই এঠাইত হ’ব পাৰে পাতলীয়া বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই কথা।

বতৰ বিজ্ঞান কেন্দ্ৰটোৱে লগতে জনায় যে, আকাশ মেঘাচন্ন হৈ থকাৰ ফলত শীতৰ প্ৰকোপ সামান্য বেছি হলেও কোনো অস্বাভাৱিকতা নাই। কেন্দ্ৰটোৱে জানিবলৈ দিছে যে, দক্ষিণ ভাৰতত বলি থকা মৌচুমী বতাহৰ ফলতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে গুৱাহাটীৰ আকাশো মেঘাচন্ন হৈ থাকিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি