মহানগৰ উপায়ুক্তই ক’লেঃ এতিয়াও শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা নাই….

মহানগৰ উপায়ুক্তই ক’লেঃ এতিয়াও শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা নাই….

ডিজিটেল ডেস্কঃ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ বিভ্ৰান্তিমূলক এক নিৰ্দেশনাক কেন্দ্ৰ কৰিয়ে আজিৰে পৰা ৪ মে পৰ্যন্ত সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি ইতিপূৰ্বে বাতৰি প্ৰকাশ পাইছিল যদিও কামৰূপ মহানগৰৰ উপায়ুক্তই এক স্পষ্টীকৰণযোগে এই পৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা নাই বুুলি স্পষ্টীকৰণ প্ৰদান কৰিছে।

উল্লেখ্য যে, আজিৰ পুৱাৰ ভাগত শিক্ষা বিভাগৰ প্ৰধান সচিব গৰাকীয়ে নিৰ্দেশনাত কোৱা হৈছিল যে, ১০০০কোভিড পজিটিভ ৰোগী ধৰা পৰিলেই কামৰূপ মহানগৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশে জিলাখনৰ সমূহ শিক্ষানুষ্ঠান বন্ধ কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

ইফালে বৃহস্পতিবাৰৰ দিনটোতে সন্ধিয়া পৰ্যন্ত কামৰূপ মেট্ৰত ৬৮০গৰাকী কোভিড পজিটিভ ৰোগী ধৰা পৰা কামৰূপ মহানগৰত ইতিমধ্যে কোভিড পজিটিভ ৰোগীৰ সংখ্যাই ৩০০০ৰ ঘৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিততে উক্ত নিৰ্দেশনাৰ ভিত্তিত ৪ মে পৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি বিভিন্ন মাধ্যমত বাতৰি প্ৰকাশিত হৈছিল।

কিন্তু নিশা প্ৰায় ৯বজাত জিলা উপায়ুক্তই স্পষ্ট কৰে যে, নিৰ্ধাৰিত এটা দিনত ১০০০ কোৰোনা ৰোগী ধৰা পৰিলেহে শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হব। কিয়নো শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশনাত এই কথা স্পষ্ট কৰি দিয়া আছিল। সেয়েহে শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা শুকুৰবাৰ অথবা শনিবাৰৰ পৰাও কাৰ্যকৰী হব পাৰে। এই কথাও সচাঁ যে, একেটা দিনতে ১০০০ ৰোগী নোলাই সামগ্ৰিক ভাৱে মহানগৰীত বৃহতসংখ্যক ৰোগী ধৰা পৰিলেও শিক্ষানুষ্ঠান বন্ধৰ সম্ভাৱনা নাই।

যদিহে এনে এক নিৰ্দিষ্ট সংখ্যা নিৰ্দিষ্ট দিনৰ বাবে ধাৰ্য কৰি লোৱা হৈছে, তেনেহলে আজি কিহৰ ভিত্তিতনো শিক্ষা বিভাগৰ প্ৰধান সচিব গৰাকীয়ে এনে এক বিভ্ৰান্তিকৰ নিৰ্দেশনা জাৰি কৰি সংবাদ মাধ্যমকো বিভ্ৰান্ত কৰিলে সেয়া নিশ্চিয় বিচাৰ্য বিষয়। কিন্তু মহানগৰীৰ উপায়ুক্তই বন্ধ বাতৰিটো ভুৱা বুলি সংবাদ মাধ্যমক দোষাৰূপ কৰা কথাটোৱে ৰাজ্যৰ সংবাদমহলক স্বাভাৱিকতেই ক্ষুন্ন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in