১৪ ফেব্ৰুৱাৰীত মুকলি হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে নৱনিৰ্মিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক দলংঙৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে নৱনিৰ্মিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক দলংঙৰ। সাজু হৈ উঠিছে এই বহু প্ৰত্যাশিত দলংখন । চলিত  মাহৰ ১৪  ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  ৰাজ্যবাসীৰ বাবে মুকলি কৰিব এই গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন। 

WhatsApp Image 2026-02-07 at 2.23.59 PM

উল্লেখ্য যে, প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত হ'ব সেতুখন। ১.২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতুখনৰ নিৰ্মাণ ব্যয় প্ৰায় ৩ হাজাৰ ৩০ কোটি টকা। এই দলংখনে বহন কৰিব কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বৰ গৌৰৱময় গাঁথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে দলংখনৰ সকলো নিৰ্মাণকাৰ্য। ২০২৬ বৰ্ষত ৰাজ্যবাসীলৈ অন্যতম উপহাৰ হিচাপে প্ৰদান কৰিব এই দলংখন। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে প্ৰায় তিনি হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এই  দলংখন। 

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দলংখনৰ ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে। দলংখন মুকলিৰ পাছত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দূৰত্ব হ্ৰাস পোৱাৰ লগতে সকলো ক্ষেত্ৰতে সুবিধা হ'ব । লগতে দলংখনৰ দৈৰ্ঘ্য এক কিলোমিটাৰৰ অধিক হ'ব বুলিও উল্লেখ কৰিছে। ভাৰতবৰ্ষৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন extradosed দলং হিচাপে চিহ্নিত হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন । ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা দলংখনৰ মুঠ ছয়টা খুঁটাত আছে মুঠ ১৩২ ডালকৈ Extradosed Cable। এই কেবলসমূহে দলংখনৰ শক্তি বৃদ্ধি কৰি অধিক মজবুত কৰাৰ লগতে দেখিবলৈ আকৰ্ষণীয় হৈ পৰিব। 

WhatsApp Image 2026-02-07 at 2.30.09 PM

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং