গুৰুদক্ষিণা হিচাপে অধ্যক্ষক প্ৰাক্তন ছাত্ৰই উপহাৰ দিলে বোমা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ শিক্ষাগুৰুক ভগৱান হিচাপে গণ্য কৰা হয়। গুৰুদক্ষিণা হিচাপে শিষ্যই গুৰুৰ কাৰণে আত্মবলিদান দিয়াৰো নজিৰ নোহোৱা নহয়। কিন্তু গুজৰাটৰ ৰাজকোট জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষক এজন প্ৰাক্তন ছাত্ৰই উপহাৰ দিলে এটা বোমা।

ঘটনাটো সংঘটিত হৈছিল বুধবাৰে। ব্যক্তিগত বিদ্যালয়খনৰ অধ্যক্ষজনৰ ঘৰলৈ আহিল এটা পাৰ্চেল। পাৰ্চেলটোৰ ওপৰত লিখা আছিল উপহাৰটো প্ৰেৰণ কৰিছে তেওঁৰে এজন প্ৰাক্তন ছাত্ৰই। অধ্যক্ষজনে উপহাৰটো খোলাৰ পাছতে লাগিল হুৱাদুৱা। উপহাৰ দিয়া বাকচটোৰ ভিতৰত আছিল এটা সক্ৰিয় বোমা। লগে লগে আৰক্ষীক খবৰ দিয়াত বোমাটো নিষ্ক্ৰীয় কৰে আৰক্ষীয়ে।

ঘটনাটোৱে বিবুধিত পেলাইছে ৰাজকুট জিলাৰ আৰক্ষীকো। জিলাৰ আৰক্ষী অধীক্ষকে জনাইছে প্ৰাক্তন ছাত্ৰজনৰ নামত কোনো দুৰ্বৃত্তই প্ৰেৰণ কৰিছিল এই বোমাটো। বোমা বিশেষজ্ঞসকলৰ মতে, এই বোমাটো আছিল যথেষ্ট শক্তিশালী। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে সক্ৰিয় বোমা উপহাৰ দিয়া ছাত্ৰজনক কৰায়ত্তৰ বাবে এটা বিশেষ দলো গঠন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in