ওদালগুৰি গোলমাগাওঁ হাইস্কুলত নিশালৈকে অব্যাহত ভোটদান

ওদালগুৰি গোলমাগাওঁ হাইস্কুলত নিশালৈকে অব্যাহত ভোটদান

ডিজিটেল সংবাদ, ওদালগুৰিঃ মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি বিধানসভা সমষ্টিৰ গোলমাগাও হাইস্কুল প্ৰাঙ্গণৰ ভোট গ্ৰহণ কেন্দ্ৰত নিশালৈ চলিল ভোটদান প্ৰক্ৰিয়া। ভোটকেন্দ্ৰটোত আছিল সৰ্বমুঠ ১১২৭টা ভোট। পুৱা ৭ বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হয় যদিও ইভিএম মেচিন বিকল হোৱাত বিকল্প ইভিএম সংযোগ কৰিব লগা হয়। যাৰ ফলত বহু পলমকৈহে আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া। ইয়াৰোপৰি ভোটদান কাৰ্য বহু লেহেমীয়া হোৱাত নিৰ্দিষ্ট সময়ৰ ভিতৰতো বহু ভোটাৰ বাহিৰত শাৰীপাতি থাকিব লগীয়া হয়।

সন্ধিয়া ৯.৩০ বজাতো ভোটকেন্দ্ৰটোত শেষ হোৱা নাই ভোটদান প্ৰক্ৰিয়া। নিশা ৯ বজালৈ ভোটগ্ৰহণ চলাৰ সম্ভাৱনা আছে ভোটকেন্দ্ৰটোত। ইফালে নিৰ্দিষ্ট সময় উকলি যোৱাত ভোট গ্ৰহণ কেন্দ্ৰটোৰ বিদ্যালয়ৰ গেট বন্ধ কৰি দিয়াত বহু ভোটাৰ বাহিৰত থাকি যায়। যাৰ বাবে সেইসকল ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হব লগা হয়।

আনহাতে ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰটোত ৰাতিপুৱা ইভিএম বিসংগতিৰ বাবে কিছুসময়ৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ থকাৰ লগতে বৰ্ণগাওঁ হাইস্কুল আৰু ওদালগুৰি বাপুজী নগৰ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনৰ ভোটগ্ৰহণ কেন্দ্ৰ দুটাটো ভোটগ্ৰহণৰ পূৰ্বে কিছু সময় ইভিএম বিসংগতিৰ বাবে বন্ধ থাকে ভোটগ্ৰহণ প্ৰক্ৰিয়া। অৱশ্যে পিছত ইভিএম বিশেষজ্ঞই গৈ মেচিনসমূহ পুনৰ সক্ৰিয় কৰাত কিছু পলমকৈ ভোটদান আৰম্ভ হোৱা বুলি উপস্থিত প'লিং, প্ৰিজাইডিং বিষয়াসকলে সাংবাদিকক জানিবলৈ দিয়ে। জিলাখনৰ তিনিওতা সমষ্টিতে আনকেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন সাময়িক ভাৱে ব্যাহত হয়। যাৰ বাবে সেই কেন্দ্ৰ সমূহত কিছু পলমকৈ অনুষ্ঠিত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in