মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা

মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা

ডিজিটেল সংবাদ, গুৱাহাটীঃ এটা মোবাইলৰ বাবে সোমবাৰে মহানগৰীত সংঘটিত হয় এক হত্যাকাণ্ড। মহানগৰীৰ জি এছ ৰোডৰ 'মিট দৰবাৰী' নামৰ ৰেস্তোৰাঁখনত সংঘটিত হয় এই অঘটন।

প্ৰাপ্ত বাতৰি মতে, সুৰাপান কৰি থকা অৱস্থাত ৰেস্তোৰাঁখনৰ দুজন কৰ্মচাৰীৰ মাজত মোবাইল এটাক লৈ কোনো কথাত তৰ্কাতৰ্কি লাগে। এই তৰ্কাতৰ্কিৰ মাজতে সুৰামত্ত অৱস্থাত থকা ইজাজুল শ্বেখ নামৰ কৰ্মচাৰীজনে খঙত একো নাই হৈ ফুলচান্দ ভূঞা নামৰ সহকৰ্মীজনক নৃশংসভাৱে ছুৰীৰে আক্ৰমণ কৰে।

ইজাজুলৰ ছুৰীকাঘাতত ৰেস্তোৰাঁখনৰ ভিতৰতে কৰুণ মৃত্যুক সাবতি লয় ফুলচান্দে। ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে ৰেস্তোৰাঁখনত উপস্থিত হৈ ভঙাগড় আৰক্ষীয়ে হত্যাকাৰী ইজাজুলক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in