শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

গ্ৰীণউডত বিবাহ অনুষ্ঠানত উপস্থিত থকা লকডাউন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ…

1,098

ডিজিটেল ডেস্কঃ কোৰোনা সংক্ৰমণ আৰু লকডাউনৰ মাজতে খানাপাৰাস্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত এক বিবাহ অনুষ্ঠানত চৰকাৰী নীতি-নিয়ম আৰু প্ৰট’ক’ল উলংঘা কৰি উপস্থিত থকা সকলৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

দৰাচলতে, যোৱা ২৭ জুন, ২০২০ত লকডাউনৰ মাজতে খানাপাৰাস্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত হৈছিল এখন বিবাহ। এই বিবাহ অনুষ্ঠানত ৫খন পাছৰ বিপৰীতে ২৭জনকৈ লোক উপস্থিত আছিল। আৰু ইয়াৰে ২জন লোকৰ দেহত পাছলৈ কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।

লকডাউনৰ নীতি-নিয়ম উলংঘা কৰা এই বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলৰ বিৰুদ্ধে পূব খাচী হিলছৰ উপায়ুক্তক মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। শুকুৰবাৰে টুইটাৰযোগে এই কথা সদৰী কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি