/asomiyapratidin/media/media_files/2026/02/14/whatsa-2026-02-14-17-59-10.jpeg)
ডিজিটেল ডেস্কঃ গুৱাহাটীবাসীলৈ প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ উপহাৰ। প্ৰধানমন্ত্ৰীয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় পি এম ই-বাছ সেৱা আঁচনিৰ অধীনত গুৱাহাটীত ১০০খন গ্ৰীণ বাছৰ শুভ উদ্বোধনৰ কৰে । প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰ্চুৱেলী নাগপুৰৰ ৫০ খন, ভবনগৰৰ ৫০ খন আৰু চণ্ডীগড়ত ২৫ খন ই-বাছৰ শুভ উদ্বোধন কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-imag-2026-02-14-17-58-18.jpeg)
উল্লেখ্য যে- গুৱাহাটীৰ ১০০ খন বাছৰ ভিতৰত গ্ৰীণ কৰিড'ৰ খানাপাৰাৰ পৰা ধাৰাপুৰ আৰু বশিষ্ঠৰ পৰা ধাৰাপুৰলৈ চলিব। বাকী ৪০ খন বাছ গুৱাহাটীৰ পৰা মিৰ্জা, নলবাৰী, বাইহাটা, মঙলদৈ আৰু জাগীৰোডলৈ চলিব বুলি জানিবলৈ দিয়ে। ইপিনে এই গ্ৰীণ বাছৰ ভাড়া বৰ্তমান মহানগৰীত চলি থকা ইলেক্ট্ৰনিক বাছৰ যি নিৰিখ নিৰ্ধাৰণ কৰা হৈছে সেই একে নিৰিখেই থাকিব। বৰ্তমান থকা ৩৭১ খন ইলেক্ট্ৰনিক বাছৰ বাবে থাকিবলগীয়া পৰ্যাপ্ত আন্তঃগাঁথনি আছে। তদুপৰি চাৰ্জিং ষ্টেচন, ছাৰ্ভিছিং ষ্টেচন, ৱৰ্কশ্চপ পৰ্যাপ্ত পৰিমানৰ আছে যদিও আৰু উন্নত কৰাৰ ব্যৱস্থা কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-202-2026-02-14-18-00-38.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us