উত্তৰ-পূব সীমান্ত ৰেলৱেলৈ সেউজ ন্যায়াধীকৰণৰ বিশেষ নিৰ্দেশ

উত্তৰ-পূব সীমান্ত ৰেলৱেলৈ সেউজ ন্যায়াধীকৰণৰ বিশেষ নিৰ্দেশ

ডিজিটেল সংবাদ, আজাৰাঃ দীপৰ বিলৰ হাতীৰ বিচৰণস্থলী ৰামছাৰ ক্ষেত্ৰক লৈ ৰেল বিভাগলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে। হাতী অহা-যোৱা কৰাৰ ক্ষেত্ৰত যাতে আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে উক্ত স্থানত দ্বৈত ৰেলপথ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈকো উত্তৰ-পূব সীমান্ত ৰেলৱেক নিৰ্দেশ প্ৰদান কৰে ন্যায়াধীকৰণে।

যদিহে এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা উত্তৰ-পূব সীমান্ত ৰেলৱেই গ্ৰহণ নকৰে তেন্তে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ন্যায়াধীকৰণ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে।

উল্লেখ্য যে, অঞ্চলটোত বিগত সময়ছোৱাত ৰেলপথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়ত ৰেলৰ খুন্দাত মৃত্যুমুখত পৰিছে কেবাটাও হাতীয়ে। বিষয়টোক লৈ দীৰ্ঘদিন ধৰি প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থাৰ গ্ৰহণৰ দাবী জনাই আহিছিল। ইয়াৰ মাজতে সেউজ ন্যায়াধীকৰণে প্ৰদান কৰা এই নিৰ্দেশে বহন কৰিছে বিশেষ তাৎপৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in