নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়লৈ এই বৰ্ষৰ গ্ৰাছ নিৰ্মল-সেউজ বঁটা প্ৰদান…

নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়লৈ এই বৰ্ষৰ গ্ৰাছ নিৰ্মল-সেউজ বঁটা প্ৰদান…

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত মহকুমাৰ অন্তৰ্গত উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ মাজত গ্ৰীণ ৰেভ'লিউশ্যনেৰী এডমাইৰেব'ল ছেৰেন ছ'চাইটি চমুকৈ গ্ৰাছেম প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে এক প্ৰতিযোগিতা। এক প্ৰেছ বিবৃতিযোগে গ্ৰাছে জনাই এই কথা।

এই প্ৰতিযোগিতাত বিদ্যালয়সমূহৰ চৌহদ চাফ-চিকুণ, গছ-গছনি, ফুলনি-বাগিছা, খোৱাপানী, শৌচাগাৰ-প্ৰস্ৰাৱগাৰ চাফ-চিকুণ, শ্ৰেণীকোঠা চাফ-চিকুণ, ছাত্ৰ-ছাত্ৰীৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু শিক্ষকসকলৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ভিত্তিত প্ৰতিখন বিদ্যালয় মূল্যাংকন কৰি প্ৰস্তুত কৰে এখন তালিকা। এই মূল্যাংকনৰ ভিত্তিতেই 'গ্ৰাছ নিৰ্মল-সেউজ বঁটা' প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, এই বৰ্ষৰ বঁটা লাভ কৰে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ে। এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ গ্ৰাছক সহায় কৰে বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ফণীধৰ হাজৰিকাই। গ্ৰাছৰ বিষয়ববীয়া আৰু বোকাখাত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীৰ কাৰ্যালয় কক্ষত তেখেত ঘোষণা কৰে বঁটা প্ৰাপকৰ নাম। গ্ৰাছ নিৰ্মল-সেউজ বঁটা আগষ্ট মাহৰ শেষৰ ফালে প্ৰদান কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in