বাক্সাৰ শালবাৰীত নাতিয়েকৰ আক্ৰমণত নিহত ককাক

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত গাতিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷ বুধবাৰে নিশা মদ-ভাঙৰ নিচাত মাতাল হৈ নিজৰেই নাতিয়েক দ্বীপ সূত্ৰধৰে (২১) বাঁ‌হৰ খুটাৰে উপৰ্যুপৰি আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ককাক ভুমিধৰ সূত্ৰধৰ৷

পৰবৰ্তী সময়ত পৰিয়ালৰ লোকে ১০৮ এম্বুলেঞ্চ যোগে শালবাৰী আদৰ্শ চিকিৎসালয়লৈ নিবলৈ লওতেই মৃত্যু হয় বৃদ্ধ ককাক ভুমিধৰৰ৷ ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ণ কৰা নাতিয়েক দ্বীপ সূত্ৰধৰক বৃহস্পতিবাৰে পুৱা গাতিৰপৰা গুৱাহাটীলৈ যোৱা এখন বাছৰপৰা আনন্দ বজাৰ আৰক্ষীয়ে সাউদৰভিঠাৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷

সম্প্ৰতি হত্যাকাৰী দ্বীপ আনন্দ বজাৰ আৰক্ষীৰ জিন্মাত থকাৰ বিপৰীতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰিছে৷

উল্লেখ্য যে, আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত দিয়া স্বীকাৰোক্তি মৰ্মে হত্যাকাৰী দ্বীপ সূত্ৰধৰে টকা বিচাৰি ককাকক হাৰাশাস্তি কৰিছিল আৰু টকা নোপোৱা বাবে এটা বাঁহৰ খুঁটাৰে মূৰত কোব মাৰি দিয়াত মৃত্যু হয় ককাক ভূমিধৰ সূত্ৰধৰৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in