অচল হৈ পৰিল গোৱালপাৰাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান….

অচল হৈ পৰিল গোৱালপাৰাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান….

ডিজিটেল সংবাদ, গোৱালপাৰা: শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষক সকলক লৈ কৰা তীৰ্যক মন্তব্য আৰু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত মঙলবাৰে গোৱালপাৰা জিলাৰ সহস্ৰাধিক টেট শিক্ষক-শিক্ষয়িত্ৰীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।সদৌ অসম টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে জিলা সমিতিৰ উদ্যোগত মঙলবাৰে পুৱাৰে পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সহস্ৰাধিক টেট শিক্ষক-শিক্ষয়ত্ৰীসকলে হাতে হাতে প্লে'কাৰ্ড,ফেষ্টুন,বেনাৰ লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশ ল'বলৈ সমবেত হয়।

উল্লেখ্য যে টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাকে ধৰি কেইদিনমান পূৰ্বে টেট শিক্ষকসকলক ড্ৰাইভাৰৰ লগত তুলনা কৰা তীৰ্য্যক মন্তব্যৰ বাবে শিক্ষামন্ত্ৰীক ক্ষমা খোজাৰ দাবীৰে কৰা আজিৰ এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ বাবে আজি অচল হৈ পৰে সমগ্ৰ জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান কাৰ্যসূচী। জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ সহস্ৰাধিক টেট শিক্ষক শিক্ষয়িত্ৰীসকলে ইনক্লাৱ জিন্দাবাদ,আৱাজ দো এক হো,আমাৰ দাবী নাৰ্য দাবী,শিক্ষা মন্ত্ৰী হায় হায়,শিক্ষকক অপমান কৰা নচলিব,আমাৰ চাকৰি নিয়মিয়াকৰণ কৰিবই লাগিব আদি বিভিন্ন উদাত্ত শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে।

এই বিশাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি,ডি ৱাই এফ আই আৰু এছ এফ আইৰ জিলা সমিতিয়েও অংশ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। বিয়লি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ অন্তত টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ গোৱালপাৰা জিলা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ জিলা উপায়ুক্তৰ জৰিয়তে এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

স্মাৰক পত্ৰখনত প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক-শিক্ষয়ত্ৰীসকলৰ চাকৰি নিয়মিয়াকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী আৰু টেট শিক্ষক সকলক অপমান কৰা বাবে শিক্ষা মন্ত্ৰীৰ ক্ষমা খোজাৰ দাবী সন্নিবিষ্ট কৰে।টেট শিক্ষক সকলৰ দাবী মানি নললে অহা ২৯ জুনত পুনৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্মাৰক পত্ৰখনৰ জৰিয়তে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in