গোৱালপাৰাৰ সংখ্যালঘু এলেকাত লকডাউন অসাৰঃ জিলা উপায়ুক্তৰ সৰ্বদলীয় বৈঠক…

গোৱালপাৰাৰ সংখ্যালঘু এলেকাত লকডাউন অসাৰঃ জিলা উপায়ুক্তৰ সৰ্বদলীয় বৈঠক…

ডিজিটেল সংবাদ, গোৱালপাৰা: ঘাতক কোৰোনা ভাইৰাচৰ সংক্ৰমণক প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশকে লকডাউন কৰা হৈছে।কিন্তু গোৱালপাৰা জিলাখনৰ একাংশ সংখ্যালঘু প্ৰধান এলেকাত এই লকডাউনক পুলিচিং লকডাউন বুলি বিবেচনা কৰি অহা পৰিলক্ষিত হৈছে।

চৰকাৰ আৰু প্ৰশাসনে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো একাংশ সংখ্যালঘু অঞ্চলৰ ৰাইজে লকডাউন ভংগ কৰি হাটে-বজাৰে,পথ-পদূলীয়ে,ইঘৰে-সিঘৰে চলাচল কৰি অভাৱনীয় ভিৰ আৰু চলাচল কৰি ঘাটত ভাইৰাচৰ সংক্ৰমণ ঘটোৱাৰ চৰম আশংকা কঢ়িয়াই আনিছে।এইবোৰক প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষী আৰু নিৰাপত্তৰক্ষীসকলে বল প্ৰয়োগ কৰিও এই লোকসক লক বুজনি দিব পৰা নাই।

হাট-বজাৰ,পথ-পদুলিত ভিৰ কৰি থকা লোক সকলক পুলিচে খেদি পথোৱাৰ পিছ মুহূৰ্ততে পুনৰ একে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে।সংখ্যালঘু প্ৰধান এলেকাত এনে পৰিস্থিতিৰ বাবে আৰক্ষী আৰু জিলা প্ৰশাসন হাবাথুৰি খাব লগা হৈছে।নিজৰ লগতে প্ৰতিবেশী আৰু সমাজৰ বিপদ চলাই আনিব খোজা এই সকল লোকক স্থানীয় সচেতন লোক সকলেও বুজনি দি মনাব নোৱাৰা হৈ পৰিছে।

বিশেষকৈ উল্লেখিত সংখ্যালঘু এলেকাত জিলা আৰু আৰক্ষী প্ৰশাসনে লকডাউন সফল কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে।সামাজিক দূৰত্ব বজাই ৰাখিবলৈ বাৰম্বাৰ অনুৰোধ আৰু ঘোষনা কৰি আহিছে।বিশ্বৰ ইখনৰ পিছত সিখন দেশত কোৰোনা ভাইৰাচৰ মহামাৰীয়ে কিদৰে বিভিষিকাৰ সৃষ্টি কৰি আহিছে সেই কথাও প্ৰশাসনে অৱগত কৰিছে।এই লকডাউনৰ সময়ছোৱাত সাধাৰণ ৰাইজ যাতে অসুবিধাত নপৰে তাৰ বাবেও পৰ্যাপ্ত নহ'লেও ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

কেইবাটিও হেল্প লাইন মুকলি কৰি সৰ্বোত্তপ্ৰকাৰে সহায় কৰিবলৈ প্ৰশাসন প্ৰস্তুতি লোৱাৰ কথাও অৱগত কৰিছে।তৎসত্বেও সংশ্লিষ্ট এলেকাৰ একাংশ ৰাইজ আজিও সচেতন হোৱা নাই ।পৰিণতিত গোৱালপাৰা জিলাৰ একাংশ সংখ্যালঘু প্ৰধান এলেকাক লৈ আৰক্ষী আৰু জিলা প্ৰশাসন একপ্ৰকাৰে বিমোৰত পৰিছে।

ফলত ৰবিবাৰে পুৱা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই এই পৰিস্থিতিক লৈ উপায়ুক্তৰ সভাকক্ষত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে।জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতি জিলা আমছুৰ সভাপতি আমিনুল হক চৌধুৰী, ,এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আব্দুল হাইকে ধৰি জিলা কংগ্ৰেছ ,জিলা বি জে পি, গোৱালপাৰা আঞ্জুমান- ই- খাদেমুল ,জিলা সাংবাদিক সন্থাৰ একাংশ বিষয়ববীয়া আৰু প্ৰশাসনৰ একাংশ বিষয়াক জিলা উপায়ুক্তই বৈঠকত মিলিত হৈ বিষয়টোক লৈ চিন্তাজনক আলোচনা কৰে।

এই আলোচনাত সৰ্বদলীয় নেতাসকলক সংখ্যালঘু প্ৰধান এলেকাসমূহত লকডাউন সফল কৰিবলৈ আহ্বান কৰে।সংখ্যালঘু এলেকাৰ এই পৰিস্থিতিক লৈ জিলা উপায়ুক্তই সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলগীয়া হোৱাৰ খবৰ নিশাৰ ভাগত বিয়পি পৰাত সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আৰু আৰক্ষী প্ৰশাসনক কঠোৰ হ'বলৈও একাংশ ৰাইজে আহ্বান কৰিছে। এ আই ইউ ডি এফ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল হাইয়ে জিলাখনৰ সংখ্যালঘু প্ৰধান এলেকাত লকডাউন ভংগ নকৰিবলৈ ভাৰ্চুৱেল প'ষ্টাৰো বিতৰণ কৰা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in