গোৱালপাৰাৰ খাৰবোজাত বৃহৎ পৰিমাণৰ অবৈধ সুৰাসহ দুজন লোকক কৰায়ত্ত…

গোৱালপাৰাৰ খাৰবোজাত বৃহৎ পৰিমাণৰ অবৈধ সুৰাসহ দুজন লোকক কৰায়ত্ত…

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ খাৰবোজা অঞ্চলৰ পৰা যোৱা শুকুৰবাৰে নিশা বৃহৎ পৰিমাণৰ অবৈধ সুৰাসহ দুজন লোকক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়। ধৃত লোক দুজন হৈছে জিলাখনৰে খাৰগাজা অঞ্চলৰ নিপুল ৰাভা আৰু ৰাজেশ কুমাৰ ৰাভা। বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত গুৱাহাটীৰ পৰা যোৱা এক্সাইজ ইণ্টেলিজেন্স ব্যুৰ'ৰ এটা দলে অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ বিশেষ দলৰ সহযোগত অভিযান চলাই দুয়োকে নিজ গৃহতে হাতে-লোটে ধৰা পেলায়।

আবকাৰী বিভাগৰ দলটোৱে জনোৱা মতে অভিযান কালত লোক দুজনৰ বাসগৃহৰ পৰা ১৬২ কাৰ্টন দেশীয়ভাৱে প্ৰস্তুত কৰা বিলাতী সুৰা, ১৬৩ কাৰ্টন বীয়েৰ, ২৯৮০খন ভুৱা লেবেল আৰু দুটা ভুৱা ছীল জব্দ কৰা হয়। প্ৰাথমিক সোধ-পোছৰ অন্তত জব্দকৃত সুৰাখিনি ভুৱা লেবেলিং কৰি অসমত বিক্ৰীৰ বাবে যো-জা চলাইছিল বুলি স্বীকাৰ কৰে ধৃত নিপুল আৰু ৰাজেশে।

গুৱাহাটীৰ পৰা যোৱা আবকাৰী আয়ুক্তালয়ৰ এক্সাইজ ইণ্টেলিজেন্স ব্যূৰ' আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ বিশেষ দলটোৰ এই সফল অভিযানক লৈ সন্তুষ্টি ব্যক্ত কৰি অভিনন্দন জনাইছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ প্ৰতিজন আবকাৰী বিষয়াক নিৰ্ধাৰিত এলেকাত এনেধৰণৰ অপৰাধ নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ লগতে ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণত কোনোধৰণৰ গাফিলতি নকৰিবলৈকো আহ্বান জনাইছে। ইয়াৰ অন্যথাই তেনে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয়ভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in