Published on:
Updated on:
- অসুস্থ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী।
- নিউ দিল্লীস্থিত এইমছ হাস্পতালত ভৰ্তি কৰা হৈছে জগদীশ মুখীক।
- জানিব পৰা মতে, শনিবাৰে অসুস্থ হৈ পৰিছিল তেওঁ।
- তাৰপাছতে চিকিৎসালয়ত ভৰ্তি কৰা হয় ৰাজ্যপাল মুখীক।
- বিগত কেইবাদিনো তেওঁ দিল্লীস্থিত বাসভৱনৰ পৰাই এইমছলৈ অহা যোৱা কৰি আছিল।
- এই ক্ষেত্ৰত অসম ভৱনৰ পৰাই তেওঁৰ বাবে যান-বাহনকে ধৰি সকলো সা সুবিধা আগবঢ়াই থকা হৈছিল, যদিও ৰোগ সন্দৰ্ভত এতিয়াও কোনো কথা ৰাজভৱন বা অসম ভৱনে প্ৰকাশ কৰা নাই।
- শনিবাৰৰ পুৱা ভাগতে তেওঁক এইমছত ভৰ্তি কৰোৱা হয়।
- বৰ্তমান চিকিৎসালয়খনৰ ৩০২ নং কোঠাত তেওঁ চিকিৎসাধীন হৈ আছে।
- বিশেষ সূত্ৰৰ খবৰ মতে, ৰাজ্যপাল গৰাকী কঠিন ৰোগত আক্ৰান্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in