ঘৰ নিৰ্মাণৰ বাবে মধ্যবিত্তীয় শ্ৰেণীৰ লোকসকলক চৰকাৰে কৰিব সহায়ঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন…

ঘৰ নিৰ্মাণৰ বাবে মধ্যবিত্তীয় শ্ৰেণীৰ লোকসকলক চৰকাৰে কৰিব সহায়ঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অৰ্থব্যৱস্থা উন্নত কৰাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। লগতে শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কৰিলে এক ডাঙৰ ঘোষণা। মধ্যবিত্তীয় শ্ৰেণী লোকসকলক কম দামত ঘৰ প্ৰদানৰ বাবে চৰকাৰে আগবঢ়াইছে ১০ হাজাৰ কোটি টকাৰ সাহায্য। অৰ্থনিৰ্মিত বাসগৃহৰ গৰাকীসকলে লাভ কৰিব চৰকাৰৰ এই সুবিধা।

এই হাউছিং প্ৰজেক্ট সেইসকলে লাভ কৰিব যিসকল এন পি এ আৰু এন চি এল টিনহয়। ইয়াৰ দ্বাৰা দেশৰ প্ৰায় ৩.৫ লাখ লোকে লাভ কৰিব এই সুবিধা। বিত্ত মন্ত্ৰীগৰাকীয়েকয় যে, 'যদি আপুনি বাসগৃহ ক্ৰয় কৰিব বিচাৰে তেন্তে ঠিকাদাৰৰ সৈতে আলোচনা কৰিব পাৰেযে আপুনি এন পি এ বা এন চি এল টিত অন্তৰ্ভুক্ত হয় নে নহয়। যদি নহয়, তেন্তে আপুনিএই সুবিধা লাভ কৰিব পাৰিব।'

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অৰ্থব্যৱস্থাক উন্নীত কৰাৰ বাবে আৰু এটা পেকেজৰ কথা ঘোষণা কৰি কয়- 'নিৰ্মীয়মান প্ৰকল্পসমূহত পুঁজি প্ৰদানৰ বাবে চৰকাৰে প্ৰায় ১০ হাজাৰ কোটি টকাৰ সহায় আগবঢ়াব। এই কামত বহিঃৰাষ্ট্ৰৰ বিনিয়োগকাৰী সকলৰ পৰাও প্ৰায় ইমানখিনি ধনৰাশি উপলব্ধ হোৱাৰ অনুমান কৰা হৈছে।'

তেওঁ লগতে কয় যে, ইয়াৰ দ্বাৰা মধ্যবিত্তীয় শ্ৰেণীৰ লোকসকলৰ বাবে বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাত সহায় হ'ব। বাসগৃহ নিৰ্মাণৰ বাবে ঋণৰ সুত হ্ৰাস কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in