/asomiyapratidin/media/media_files/2026/03/02/new-ap-web-11-2026-03-02-12-05-34.jpg)
ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ আঠানি উন্নয়ন খণ্ড কাৰ্যালয়ৰ শিলাইৰপাৰৰ গাঁও পঞ্চায়তৰ গাঁও সভাত ৰাইজে চৰকাৰী উন্নয়নমূলক কামৰ বাবে প্ৰস্তুত কৰা কৰ্ম আঁচনি খণ্ড উন্নয়ন কাৰ্যালয়ত সলনি কৰি পৃথক এখন কৰ্ম আঁচনি ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ত প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
/asomiyapratidin/media/post_attachments/63dbf878-808.png)
উল্লেখ যে, উন্নয়নমূলক কামৰ আঁচনিৰ বিভাগীয় ভাৱে অনলাইন চোৰ্চ, টেকনিকেল চেংশ্যন, এষ্টিমেট হোৱাৰ পাছতো চক্ৰান্ত মূলক ভাৱে পঞ্চায়ত সভানেত্ৰী মৰিয়ম বেগম,সচিব বাচ্চু সাহা আৰু খণ্ড উন্নয়ন বিষয়া দেবাং চয়ন তুমাংয়ে নিজ খেয়াল খুচি মতে ৰাইজে দিয়া আঁচনিসমূহৰ কৰ্ম আঁচনি বাদ দি পৃথক এখন কৰ্ম আঁচনি জিলা পৰিষদৰ কাৰ্যালয়ত জমা দিয়ে। এই সন্দৰ্ভত গৌৰীপুৰ থানাত গাঁও পঞ্চায়তৰ সভানেত্ৰী,সচিব আৰু খণ্ড উন্নয়ন বিষয়ৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰে অঞ্চলটোৰ সচেতন ৰাইজে।
/asomiyapratidin/media/post_attachments/42faaea2-dcd.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us