ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ…

ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতী বুধবাৰে পুৱা নিৰুদ্দেশ হৈছে৷ জানিব পৰা মতে, গৰৈমাৰী সত্ৰ গাঁও নিবাসী জয়নাল আব্দিনৰ বিশেষভাৱে সক্ষম কন্যা জয়নৱ খাতুন (২০) বুধবাৰে পুৱা প্ৰায় ছয় বজাত নিজগৃহৰ ওচৰৰ পৰা নিৰুদ্দেশ হয়৷ ইফালে, পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও যুৱতীগৰাকীৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই৷

আঢ়ৈ ফুট উচ্চতাৰ মিঠা বৰণৰ বিশেষভাৱে সক্ষম যুৱতীগৰাকী নিৰুদ্দেশৰ সময়ত কুৰ্তা আৰু চোলা পৰিধান কৰিছিল৷ কোনো সচেতন ব্যক্তিয়ে যুৱতীগৰাকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানা নাইবা ৬০০০২-৪৪৯৩৪ ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷ নিৰুদ্দিষ্ট যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে গৰৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in