সোণতলীৰ পুৰাণগাঁৱত প্ৰচণ্ড বজ্ৰপাতঃ দুটা ঘৰৰ বিস্তৰ ক্ষতি, বজ্ৰঘাতত ছিন্ন-ভিন্ন হ’ল বিদ্যুৎ সংযোগ, অচেতন হ’ল মহিলা

সোণতলীৰ পুৰাণগাঁৱত প্ৰচণ্ড বজ্ৰপাতঃ দুটা ঘৰৰ বিস্তৰ ক্ষতি, বজ্ৰঘাতত ছিন্ন-ভিন্ন হ’ল বিদ্যুৎ সংযোগ, অচেতন হ’ল মহিলা

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পুৰাণগাঁৱত বুধবাৰে পুৱা প্ৰায় ৬-৩০ বজাত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সময়ত ভয়ংকৰ বজ্ৰপৰি পৰিয়াল এটাৰ বিস্তৰ ক্ষতি সাধন হয়৷ জানিব পৰামতে সোণতলীৰ পুৰাণগাঁও (বাউসকাঁটা)ৰ আব্দুল কৰিমৰ ৰান্ধনী ঘৰত বুধবাৰে পুৱা আকস্মিকভাৱে বজ্ৰই প্ৰচণ্ডবেগে খুন্দা মাৰে৷

বজ্ৰঘাতত পৰিয়ালটোৰ দুটা ঘৰৰ বিস্তৰ ক্ষতি হয়৷ আনকি পৰিয়ালৰ বৈদ্যুতিক মটৰ জ্বলি যোৱাৰ লগতে ঘৰৰ ওৱেৰিং সম্পূৰ্ণৰূপে ছিন্ন-ভিন্ন হোৱাৰ লগতে ফ্ৰীজৰ উপৰি বৈদ্যুতিক ব্যৱহাৰিত সামগ্ৰী নষ্ট হয়৷ বজ্ৰপাত ইমানেই ভংয়কৰ আছিল যে পৰিয়ালটোৰ গাতে থকা ছামছুল হক, আব্দুছ ছামাদ, মাঠু মিঞাৰ ঘৰৰ বিদ্যুৎ সংযোগ-বৈদ্যুতিক মিটাৰ জ্বলি নষ্ট হয়৷

ইপিনে বজ্ৰপাতৰ বিকট্ শব্দত মনোৱাৰা খাতুন (৪৭) নামৰ মহিলাগৰাকীও মূৰ্ছা যায় যদিও তাই বৰ্তমান সুস্থ৷ অৱশ্যে পৰিয়ালটোৰ কেইবাজনো সদস্য প্ৰচণ্ড বজ্ৰঘাতৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in