গৰৈমাৰীত শিল্পী দিৱসৰ আয়োজন

গৰৈমাৰীত শিল্পী দিৱসৰ আয়োজন

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুল প্ৰাংগণত অহা ১৭ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱসৰ আয়োজন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি উক্ত দিনটোত পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা হ'ব৷

ইয়াৰ পিছত শ্বহীদ তৰ্পন, বৃক্ষৰোপন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰা হ'ব৷ দিনৰ ১১ বজাৰ পৰা চিত্ৰাংকণ, জ্যোতি সংগীত, অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ দুপৰীয়া ২ বজাত বঁটা বিতৰণী আৰু শিল্পীক সম্বৰ্ধনা জনোৱা হ'ব৷

উল্লেখ্য যে কাৰ্যসূচী সূচাৰুৰূপে পৰিচালনাৰ বাবে শ্বহিদুল ইছলামক সভাপতি, আবু বাক্কাৰক উপ-সভাপতি, ৰফিকুল ইছলামক সাধাৰণ সম্পাদক আৰু মণিৰুল হক চৌধুৰীক সহকাৰী সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in